ETV Bharat / state

৯ দিনৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ জিম্মাত দুই বাংলাদেশী উগ্ৰপন্থী বাহাৰ-ৰাচেল - BANGLADESHI MILITANTS ARRESTED

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 7:32 PM IST

Bangladeshi Militants: CJM আদালতত মঙলবাৰে হাজিৰ কৰোৱা হয় দুই দুধৰ্ষ বাংলাদেশী উগ্ৰপন্থীক । আদালতত হাজিৰ কৰোৱাৰ পাছতেই ৯ দিনৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ দুই বাংলাদেশী উগ্ৰপন্থীক । সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল দুই বাংলাদেশী উগ্ৰপন্থীক ।

Two Bangladeshi militants remanded in special branch custody for nine days
৯ দিনৰ বাবে বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ দুই বাংলাদেশী উগ্ৰপন্থীক (ETV Bharat Assam)

৯ দিনৰ বাবে বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ দুই বাংলাদেশী উগ্ৰপন্থীক (ETV Bharat Assam)

গুৱাহাটী, ১৪ মে': আজি CJM আদালতত হাজিৰ কৰোৱা হয় সোমবাৰে গ্ৰেপ্তাৰ কৰা দুই দুধৰ্ষ বাংলাদেশী উগ্ৰপন্থীক । আদালতত হাজিৰ কৰোৱাৰ পাছতেই ৯ দিনৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰে দুই বাংলাদেশী উগ্ৰপন্থীক । বাহাৰ মিঞা, ৰাচেল হক নামৰ দুই উগ্ৰপন্থীক গুৱাহাটী ৰে'ল ষ্টেচনৰ এক নং প্লেটফৰ্মৰ পৰা সোমবাৰে গ্রেপ্তাৰ কৰিছিল অসম আৰক্ষীৰ বিশেষ শাখাই ।

দুয়োটা বাংলাদেশী উগ্ৰপন্থী সংগঠন আনচাৰুলা বাংলা টীমৰ সদস্য বুলি প্ৰথমিক অনুসন্ধানত পোহৰলৈ আহে । উগ্ৰপন্থী দুটাই গুৱাহাটী হৈ আগৰতলা দিশেৰে বাংলাদেশলৈ যোৱাৰ বাবে গুৱাহাটী ৰে’ল ষ্টেচনত টিকট কাটি থাকোতেই ক্ৰাইম ব্ৰাঞ্চ আৰু বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে ভুৱা নথি-পত্ৰেৰে ভাৰতত প্ৰৱেশ কৰিছিল দুই বাংলাদেশী উগ্ৰপন্থীয়ে ৷ ইয়াৰ লগতে দীৰ্ঘদিন পূৰ্বেই ভাৰতত প্ৰৱেশ কৰিছিল বুলি জেৰাত পোহৰলৈ আহে ৷ জানিব পৰা মতে AQISC ৰ নেতাক আধাৰ কাৰ্ডকে ধৰি বিভিন্ন নথি-পত্ৰ প্ৰস্তুত কৰি সহায় কৰিছিল ধৃত উগ্ৰপন্থী দুজনে । বাংলাদেশৰ ব্ৰাহ্মণবাৰী জিলাত বাহাৰ মিঞাৰ ঘৰ বুলি জানিব পৰা গৈছে । আনহাতে ধৃত আনটো উগ্ৰপন্থী ৰাচেল হকৰ ঘৰ বাংলাদেশৰ ঢাকাৰ নেত্ৰকণাত বুলি তথ্য প্ৰকাশ পাইছে ।

ইফালে চোৰাংচোৱাৰ ম’ষ্ট ৱান্টেডৰ তালিকাত আছে সোমবাৰে কৰায়ত্ত হোৱা এই উগ্ৰপন্থী দুটা । 'আনচাৰুলা বাংলা টীম' চমুকৈ এ বি টিৰ সন্ত্রাসবাদী দুটাই গুৱাহাটীত পদার্পণ কৰিব বুলি চোৰাংচোৱা সূত্রৰ পৰা তথ্য লাভ কৰাৰ পিছতে বিশেষ অভিযান গোট তৎপৰ হৈ পৰে । সেইমর্মে গুৱাহাটী ৰে'ল ষ্টেচনত গ্রেপ্তাৰ কৰে বাংলাদেশৰ ব্রাহ্মণবাৰী জিলাৰ দৰকাৰ গাঁৱৰ বাহাৰ মিঞা আৰু চুবুৰীয়া ৰাষ্ট্ৰখনৰ নেত্রকণা জিলাৰ মংগলসিধা গাঁৱৰ ৰাচেল হকক ।

লগতে পঢ়ক: ক্ৰাইম ব্ৰাঞ্চৰ জালত বাংলাদেশী উগ্ৰপন্থী - Bangladeshi Militant Arrested

নুনমাটি আৰক্ষীৰ জালত সজীৱ গুলীসহ নগা উগ্ৰপন্থী - Suspected Naga Militant Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.