ETV Bharat / state

ক্ৰাইম ব্ৰাঞ্চৰ জালত বাংলাদেশী উগ্ৰপন্থী - bangladeshi militant arrested

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:21 PM IST

Updated : May 13, 2024, 9:41 PM IST

Bangladeshi militant arrested in Guwhati: মহানগৰীত গ্ৰেপ্তাৰ দুজনকৈ দুধৰ্ষ উগ্ৰপন্থী । দুয়োজন বাংলাদেশৰ ৷ ক্ৰাইম ব্ৰাঞ্চ আৰু বিশেষ শাখাই সোমবাৰে গ্ৰেপ্তাৰ কৰিছে দুয়োকে ৷

2 bangladeshi militant arrested in Guwhati by Crime branch
ক্ৰাইম ব্ৰাঞ্চৰ জালত বাংলাদেশী উগ্ৰপন্থী (Etv bharat assam)

গুৱাহাটী, 13 মে’: চাঞ্চল্যকৰ ঘটনা ৷ মহানগৰীত গ্ৰেপ্তাৰ দুজনকৈ দুধৰ্ষ বাংলাদেশী উগ্ৰপন্থী । জানিব পৰা মতে দ্বাৰকা এক্সপ্ৰেছৰে গুজৰাটৰ পৰা গুৱাহাটীলৈ আহিছিল দুই উগ্ৰপন্থী । ধৃত উগ্ৰপন্থী দুজন বাহাৰ মিয়া (30) , ৰাচেল মিয়া (40) বুলি জানিব পৰা গৈছে ।

ক্ৰাইম ব্ৰাঞ্চ আৰু বিশেষ শাখাই এই সন্দৰ্ভত অভিযান চলায় আৰু সোমবাৰৰ দুপৰীয়া 3 মান বজাত গুৱাহাটী ৰে’ল ষ্টেচনৰ 1 নং প্লেটফৰ্মৰ পৰা গ্ৰেপ্তাৰ কৰে দুই উগ্ৰপন্থীক । দুয়োজন বাংলাদেশী উগ্ৰপন্থী সংগঠন আনচাৰুল বাংলাদেশৰ সদস্য বুলি প্ৰথমিক অনুসন্ধানত পোহৰলৈ আহিছে ।

দুয়োজন উগ্ৰপন্থীয়ে গুৱাহাটী হৈ আগৰতলা দিশেৰে বাংলাদেশলৈ যোৱাৰ বাবে গুৱাহাটী ৰে’ল ষ্টেচনত টিকট কাটি থাকোতে ক্ৰাইম ব্ৰাঞ্চ আৰু বিশেষ শাখআই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান দুয়োকে বিশেষ শাখাতেই ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ভুৱা নথি পত্ৰেৰে ভাৰতত প্ৰৱেশ কৰিছিল দুই বাংলাদেশী উগ্ৰপন্থীয়ে ৷ ইয়াৰ লগতে দীৰ্ঘদিন পূৰ্বেই ভাৰতত প্ৰৱেশ কৰিছিল বুলি জেৰাত পোহৰলৈ আহিছে ৷

জানিব পৰা মতে AQISC ৰ নেতাক আধাৰ কাৰ্ডকে ধৰি বিভিন্ন নথি-পত্ৰ প্ৰস্তুত কৰি সহায় কৰিছিল ধৃত উগ্ৰপন্থী দুজনে ।বাংলাদেশৰ ব্ৰাহ্মণবাৰী জিলাত বাহাৰ মিয়াৰ ঘৰ বুলি জানিব পৰা গৈছে । আনহাতে ধৃত আনজন ৰাচেল হ’কৰ ঘৰ বাংলাদেশৰ ঢাকাৰ নেত্ৰকণাত ।

চোৰাংচোৱাৰ ম’ষ্ট ৱান্টেডৰ তালিকাত আছিল সোমবাৰে কৰায়ত্ত হোৱা এই উগ্ৰপন্থী দুজন ।

অভিযানকাৰী বিশেষ শাখাই উগ্ৰপন্থী দুজনক নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নুনমাটি আৰক্ষীৰ জালত সজীৱ গুলীসহ নগা উগ্ৰপন্থী - suspected Naga militant arrested

Last Updated : May 13, 2024, 9:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.