নুনমাটি আৰক্ষীৰ জালত সজীৱ গুলীসহ নগা উগ্ৰপন্থী - suspected Naga militant arrested

By ETV Bharat Assamese Team

Published : May 3, 2024, 2:58 PM IST

thumbnail
নুনমাটি আৰক্ষীৰ জালত সজীৱ গুলীসহ নগা উগ্ৰপন্থী (Etv bharat assam)

গুৱাহাটী, ৩ মে’: তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে মহানগৰীত নুনমাটি আৰক্ষীৰ জালত পৰিছে এজন সন্দেহযুক্ত নগা উগ্ৰপন্থী । নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগী যুৱ নগৰৰ এটা ভাৰা ঘৰৰ পৰা পিষ্টলসহ উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত যুৱকজন ডিমাপুৰৰ জন কন্যা ওৰফে ৰাজেশ ৰয় বুলি জানিব পৰা গৈছে ।  

জানিব পৰা মতে, যুৱ নগৰৰ উপ পথ নং 5 ৰ বাসিন্দা যতীন্দ্ৰ কলিতা নামৰ লোকজনৰ ঘৰত বৃহস্পতিবাৰে পল্টন বজাৰৰ পি ডব্লিউ ডি কাৰ্যালয়ত চাকৰি কৰা বুলি নিজকে পৰিচয় দি এটা কোঠা ভাৰালৈ লৈছিল সন্দেহযুক্ত যুৱকজনে । আনফালে, নুনমাটি থানাৰ আৰক্ষীয়ে নাৰেংগীত এজন নগা উগ্ৰপন্থীয়ে আশ্ৰয় লোৱা বুলি জানিব পাৰি উগ্ৰপন্থী সদস্যজনৰ এখন ফটো ৰাইজৰ মাজত প্ৰচাৰ কৰে । সেই ফটোখন প্ৰত্যক্ষ কৰাৰ পাচতে ভাৰাঘৰৰ গৰাকী যতীন্দ্ৰ কলিতাই ফোনযোগে নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সকলো কথা বিৱৰি কয় ।

ইয়াৰ পাচতেই উক্ত ঘৰটোত উপস্থিত হৈ নুনমাটি আৰক্ষীয়ে যুৱ নগৰৰ ঘৰটোত অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে পিষ্টলসহ 20 জাঁই সক্ৰিয় গুলী জব্দ কৰে ।

নুনমাটি আৰক্ষীয়ে সন্দেহযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:  মহানগৰ আৰক্ষীৰ জিম্মাত মণিপুৰৰ যুৱক; উগ্ৰপন্থী সংগঠনৰে সম্পৰ্ক থকাৰ সন্দেহ - Man Apprehended With Gunshot

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.