ETV Bharat / state

মহানগৰ আৰক্ষীৰ জিম্মাত মণিপুৰৰ যুৱক; উগ্ৰপন্থী সংগঠনৰে সম্পৰ্ক থকাৰ সন্দেহ - Man Apprehended With Gunshot

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 6:39 AM IST

Manipur youth arrested in assam
মহানগৰ আৰক্ষীৰ জিম্মাত মণিপুৰৰ যুৱক; উগ্ৰপন্থী সংগঠনৰে সম্পৰ্ক থকাৰ সন্দেহ

Manipur youth arrested in Assam : মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ উগ্ৰপন্থী সংগঠনৰ সদস্য হোৱাৰ সন্দেহত গুৱাহাটীত আটক মণিপুৰৰ যুৱক ৷

গুৱাহাটী, 24 মাৰ্চ : মহানগৰীৰ হোটেলৰ পৰা আটক গুলীবিদ্ধ যুৱক ৷ চাঞ্চল্যকৰভাবে গুলীবিদ্ধ যুৱকজনে চিকিৎসাৰ বাবে গুৱাহাটীত আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে ৷ যুৱকজন মণিপুৰৰ চুৰাচান্দপুৰৰ লুনমি চেই (35) বুলি আৰক্ষীয়ে ইতিমধ্যে সদৰী কৰিছে ৷

মণিপুৰতেই যুৱকজন গুলীবিদ্ধ হোৱাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । শনিবাৰে যুৱকজনক দিছপুৰ আৰক্ষীয়ে আটক কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, 16 ফেব্ৰুৱাৰীৰ নিশা প্ৰায় 10 বজাত মণিপুৰৰ চুৰাচান্দপুৰত বাওঁ ভৰিত গুলীবিদ্ধ হৈছিল যুৱকজন । ইয়াৰ পিচতে চুৰাচান্দপুৰৰ জিলা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰে আৰু তাতেই ধৃত যুৱকজনৰ ভৰিৰ পৰা গুলীটো উলিওৱা হয় ।

লগতে পঢ়ক: গুৱাহাটী IIT ৰ বায়টেকন’লজিৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰৰ ISIS ৰ সৈতে সম্পৰ্ক ! - isis leaders in assam

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ আহিছিল চেই । এই কথা গম পাই দিছপুৰ আৰক্ষীয়ে যুৱকজনক শনিবাৰে বিয়লি প্ৰায় 7 বজাত আটক কৰি জি এম চি এইছত ভৰ্তি কৰোৱায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, যুৱকজন কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ মহলে তদন্ত অব্যাহত ৰাখিছে ৷

সবিশেষ পৰৱৰ্তী বাতৰিত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.