অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনি বাংলাদেশী যুৱতী ত্ৰিপুৰাত গ্ৰেপ্তাৰ - Bangladeshi Infiltrator
Bangladeshi nationals arrested : আগৰতলাৰ পৰা ৰে'লযোগে আহমেদাবাদলৈ যোৱাৰ পৰিকল্পনা কৰোতেই গ্ৰেপ্তাৰ বাংলাদেশী যুৱতী । তেওঁলোকৰ নাই বৈধ নথি ।

Published : May 20, 2024 at 9:08 PM IST
কৰিমগঞ্জ, ২০ মে': অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত ত্ৰিপুৰাত গ্ৰেপ্তাৰ তিনিগৰাকী বাংলাদেশী যুৱতী । এই তিনিগৰাকী বাংলাদেশী যুৱতীয়ে কৌশলেৰে আগৰতলাৰ পৰা ৰে'লযোগে আহমেদাবাদলৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়তেই আৰক্ষীৰ জালত পৰে । সোমবাৰে জি আৰ পি থানাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাপস দাসে এই বিষয়ে সদৰী কৰিছে । কিছুদিন পূৰ্বে ভাৰতত প্ৰৱেশ কৰি এই তিনিগৰাকী বাংলাদেশী যুৱতীয়ে ৰে'লযোগে আহমেদাবাদলৈ যোৱাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া বুলি কয় আগৰতলা ৰে’লৱে ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাপস দাসে ।
আগৰতলা ৰে’লৱে ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এই ধৃত তিনিগৰাকী বাংলাদেশী যুৱতীৰ নাম ৰ’জিনা আখতাৰ, পাৰুল বেগম আৰু চুলতনা বেগম বুলি উল্লেখ কৰে । সোমবাৰে জি আৰ পি থানাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে দেওবাৰে বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰে যে আগৰতলা ৰে’ল ষ্টেচনৰ পৰা একাংশ বাংলাদেশী নাগৰিকে অবৈধভাৱে দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰা কৰিব । এই খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ষ্টেচনৰ প্ৰতিটো প্ৰৱেশদ্বাৰত সাধাৰণ পোচাকত খাপপিটি থাকে ।
লগতে পঢ়ক : ত্ৰিপুৰাত নিয়াৰ অভিযানত গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী - HUMAN TRAFFICKER ARRESTED
অৱশেষত দুপৰীয়া তিনিগৰাকী সন্দেহজনক মহিলাক পাৰ্চেল গেটেৰে ৰে’ল ষ্টেচনত প্ৰৱেশ কৰাত তেওঁলোকক জেৰা কৰা বুলি কয় আগৰতলা ৰে’লৱে ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে । প্ৰথমতে যুৱতীকেইগৰাকীয়ে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰিছিল । কিন্তু তেওঁলোকে কোনো বৈধ প্ৰমাণপত্ৰ দেখুৱাব নোৱাৰিলে । অৱশ্যে দীৰ্ঘসময় জেৰা কৰাৰ পিচত তেওঁলোকে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰি বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল বুলি কয় । আগৰতলাৰ পৰা ৰে'লযোগে আহমেদাবাদলৈ যোৱাৰ পৰিকল্পনা কৰাত ভাৰতীয় পাছপ’ৰ্ট আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰা বুলিও কয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক : পাকিস্তানী চোৰাংচোৱাক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ ৰাম সিঙক - ISI Agent Arrested

