নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত আটক ২ বাংলাদেশী - Bangladeshi intruders detained

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 7:13 PM IST

thumbnail

২৬ এপ্ৰিল, বঙাইগাঁও: নিৰ্বাচনী ব্যস্ততাৰ মাজতেই নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত আটক দুই বাংলাদেশী যুৱক । অসম ৰে'ল আৰক্ষীয়ে অভিযান চলাই দুই বাংলাদেশী যুৱকক আটক কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰা হয় এই বাংলাদেশী যুৱক দুজনক । তেওঁলোকৰ নাম সুজন বাবু দাস আৰু মহম্মদ জুনাইদ আহমেদ । নমুনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা আটক কৰা হয় এই যুৱক দুজনক ।

বাংলাদেশৰ জয়ন্তপুৰ ডাউকীৰ পৰা ভাৰত-বাংলাদেশ সীমা পাৰ হৈ মেঘালয়ত প্ৰৱেশ কৰি শ্বিলং হৈ অসমলৈ আহে তেওঁলোক । গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ থাকোতে নিউ বঙাইগাঁৱত অসম ৰে'ল আৰক্ষীয়ে আটক কৰে এই বাংলাদেশী যুৱক দুজনক । দিল্লীত বিল্ডিঙৰ কাম কৰিবলৈ গৈ থকা বুলি ইতিমধ্যে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে বাংলাদেশী যুৱক দুজনে । টকাৰ বিনিময়ত দালাল চক্ৰই সীমান্ত পাৰ কৰাই দিছিল তেওঁলোকক । তেওঁলোক মুঠ তিনিজন আহিছিল যদিও এজন দিল্লীলৈ পলায়ন কৰা বুলি স্বীকাৰ কৰিছে ধৃত দুই বাংলাদেশী যুৱকে । ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: আৰক্ষীৰ জালত আইপিএল জুৱাৰী, জব্দ ১০ লক্ষাধিক টকা - IPL gambler arrested

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.