নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত আটক ২ বাংলাদেশী - Bangladeshi intruders detained - BANGLADESHI INTRUDERS DETAINED

🎬 Watch Now: Feature Video

thumbnail
Two Bangladeshis detained (undefined)

By ETV Bharat Assamese Team

Published : April 26, 2024 at 7:13 PM IST

1 Min Read
Choose ETV Bharat

২৬ এপ্ৰিল, বঙাইগাঁও: নিৰ্বাচনী ব্যস্ততাৰ মাজতেই নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত আটক দুই বাংলাদেশী যুৱক । অসম ৰে'ল আৰক্ষীয়ে অভিযান চলাই দুই বাংলাদেশী যুৱকক আটক কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰা হয় এই বাংলাদেশী যুৱক দুজনক । তেওঁলোকৰ নাম সুজন বাবু দাস আৰু মহম্মদ জুনাইদ আহমেদ । নমুনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা আটক কৰা হয় এই যুৱক দুজনক ।

বাংলাদেশৰ জয়ন্তপুৰ ডাউকীৰ পৰা ভাৰত-বাংলাদেশ সীমা পাৰ হৈ মেঘালয়ত প্ৰৱেশ কৰি শ্বিলং হৈ অসমলৈ আহে তেওঁলোক । গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ থাকোতে নিউ বঙাইগাঁৱত অসম ৰে'ল আৰক্ষীয়ে আটক কৰে এই বাংলাদেশী যুৱক দুজনক । দিল্লীত বিল্ডিঙৰ কাম কৰিবলৈ গৈ থকা বুলি ইতিমধ্যে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে বাংলাদেশী যুৱক দুজনে । টকাৰ বিনিময়ত দালাল চক্ৰই সীমান্ত পাৰ কৰাই দিছিল তেওঁলোকক । তেওঁলোক মুঠ তিনিজন আহিছিল যদিও এজন দিল্লীলৈ পলায়ন কৰা বুলি স্বীকাৰ কৰিছে ধৃত দুই বাংলাদেশী যুৱকে । ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: আৰক্ষীৰ জালত আইপিএল জুৱাৰী, জব্দ ১০ লক্ষাধিক টকা - IPL gambler arrested

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details