ETV Bharat / state

আৰক্ষীৰ জালত আইপিএল জুৱাৰী, জব্দ ১০ লক্ষাধিক টকা - IPL gambler arrested

IPL gambler arrested: তিনিচুকীয়াত আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ১০ লাখৰো অধিক ধন । বিকাশ বেৰিয়া নামৰ জুৱাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।

IPL gambler arrested
আৰক্ষীৰ জালত আইপিএল জুৱাৰী
author img

By ETV Bharat Assamese Team

Published : April 26, 2024 at 2:30 PM IST

2 Min Read
Choose ETV Bharat
আৰক্ষীৰ জালত আইপিএল জুৱাৰী

তিনিচুকীয়া, ২৬ এপ্ৰিল : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । তাৰ মাজতে তিনিচুকীয়াত আইপিএল জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান । শুকুৰবাৰে পুৱতি নিশা তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক পুলকেশ ৰাভা আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মানৱ কল্যাণস্থিত জুৱাৰী বিকাশ বেৰিয়াৰ বাসগৃহত অভিযান চলায় । অভিযানত আৰক্ষীয়ে ১০ লাখ ৭৬ হাজাৰ ৩০০ টকা জব্দ কৰে । লগতে আৰক্ষীয়ে বিকাশ বেৰিয়াকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত বিকাশ বেৰিয়াৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ আৰক্ষী থানাত ১২২/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰা হয় । এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে সংবাদ মাধ্যমক জনাই যে তিনিচুকীয়া সদৰ আৰক্ষী থানাত ১৯ এপ্ৰিলত আইপিএল জুৱাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল আৰু উক্ত গোচৰৰ ভিত্তিত চহৰখনৰ সুপ্ৰিত বিশ্বাস নামৰ এজন লোকক আটক কৰা হৈছিল ।

পৰৱৰ্তী সময়ত সুপ্ৰিত বিশ্বাসৰ পৰা লাভ কৰা তথ্য অনুসৰিয়ে শুকুৰবাৰে বিকাশ বেৰিয়াক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে । জানিব পৰা মতে আৰক্ষীয়ে বিকাশ বেৰিয়াক জেৰা অব্যাহত ৰাখিছে । লগতে এই চক্ৰৰ সৈতে জড়িত আন লোকসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । আগন্তুক দিনত এই চক্ৰৰ সৈতে জড়িত সকলো লোককে গ্ৰেপ্তাৰ কৰা হ'ব বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে অৱগত কৰে ।

অভিযোগ অনুসৰি তিনিচুকীয়াৰ লগতে বিভিন্ন প্ৰান্তত বিকাশ বেৰিয়া আৰু তেওঁ দলৰ নেতৃত্বত দীৰ্ঘদিন ধৰি আইপিএল জুৱা চলি আহিছে । এই চক্ৰটোত বেৰিয়া পৰিয়ালৰ কেইবাজনো লোকে জড়িত থকাৰ অভিযোগ আছে ।

লগতে পঢ়ক :কিদৰে আইএ এছ বিষয়া ইন্দ্রেশ্বৰ কলিতাই গঢ়িছিল সম্পত্তিৰ পাহাৰ - Corrupt IAS Officer