ETV Bharat / state

গাঁঠিৰ ধন ভাঙি, ঘৰতেই তাঁতশালত বৈ উলিয়ালে বৃন্দাবনী বস্ত্ৰ - Vrindavani Vastra

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 6:53 PM IST

Vrindavani Vastra textiles : নিজহাতে তাঁতশালত বৈ সম্পূৰ্ণ কৰি উলিয়ালে বৃন্দাবনী বস্ত্ৰ ৷ যোৰহাটৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ড৹ ৰঞ্জিত কুমাৰ বৰুৱাই প্ৰস্তুত কৰি উলিয়ালে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ ৷

VRINDAVANI VASTRA IN JORHAT
চিত্ৰ-ভাস্কৰ্য শিল্পী ড৹ ৰঞ্জিত কুমাৰ বৰুৱাৰ কৃতিত্ব (ETV BHARAT ASSAM)

সম্পূৰ্ণ কৰি উলিয়ালে বৃন্দাবনী বস্ত্ৰ (ETV BHARAT ASSAM)

যোৰহাট, 22 মে’ : মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ প্ৰাচীন অসমৰ উন্নত বয়ন শিল্পৰ এক মহান নিদৰ্শন ৷ আজিৰ পৰা ছশ বছৰ পূৰ্বে মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা এই বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামকে ধৰি বহুকেইটা মিউজিয়ামত খণ্ড খণ্ডকৈ প্ৰায় সুৰক্ষিত হৈ আছে ৷ ৰাজ্যত শাসনলৈ অহা প্ৰতিখন চৰকাৰেই লণ্ডনৰ পৰা অসমীয়াৰ আবেগ এই বস্ত্ৰ আনি ৰাজ্যবাসীক প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও এতিয়ালৈকে কোনো এখন চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই ৷ ইয়াৰ মাজতে প্ৰতিশ্ৰুতি অনুসৰি ঘৰতেই যোৰহাটৰ এজন ব্যক্তিয়ে নিজহাতে তাঁতশালত বৈ সম্পূৰ্ণ কৰি উলিয়ালে বৃন্দাবনী বস্ত্ৰ ৷

2023 বৰ্ষৰ জুন মাহত অচিৰেই "অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ" প্ৰদৰ্শন হ'ব বুলি যোৰহাট প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সদৰী কৰিছিল যোৰহাটৰ বিশিষ্ট চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পী ড৹ ৰঞ্জিত বৰুৱাই ৷ সংবাদমেলত ড৹ বৰুৱাই দীৰ্ঘ বছৰ ধৰি বিভিন্ন অধ্যয়নৰ জৰিয়তে "অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ"ৰ দহটা খণ্ডৰ প্ৰস্ততি সম্পূৰ্ণ কৰি দেশবাসীক উৎসৰ্গা কৰিবলৈ আগবঢ়াৰ কথা উল্লেখ কৰিছিল ৷ অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত যোৰহাটৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ড৹ ৰঞ্জিত কুমাৰ বৰুৱাই প্ৰস্তুত কৰি উলিয়ালে "অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ" ৷

পাঁচ বছৰৰ অধ্যয়ন, শ্ৰম আৰু গাঁঠিৰ ধন খৰচ কৰি যোৰহাটৰ প্ৰখ্যাত চিত্ৰ ভাস্কৰ্য শিল্পী ড৹ ৰঞ্জিত কুমাৰ বৰুৱাই প্ৰস্তুত কৰি উলিয়াইছে বৃন্দাবনী বস্ত্ৰৰ আৰ্হি ৷ তেওঁ এখন বৃহৎ আকাৰৰ আৰু দুখন সৰু আকাৰৰ বৃন্দাবনী বস্ত্ৰৰ আৰ্হি প্ৰস্তুত কৰিছে ৷ 10 ফুট বহল আৰু 38 ফুট দীঘল এই বৃহৎ বৃন্দাবনী বস্ত্ৰৰ আৰ্হি 24 মে’ত তিতাবৰত প্ৰদৰ্শন হ’ব ৷ শংকৰী যুগৰ সচিত্ৰ বর্ণনা আৰু বিশ্বৰ বিভিন্ন ঠাইত থকা বস্ত্ৰৰ আৰ্হিত ইয়াক প্ৰস্তুত কৰা হৈছে ৷ 24 মে’ত তিতাবৰৰ কাংশপাৰ বৰঠাই সত্ৰত এই বৃহৎ বৃন্দাবনী বস্ত্ৰ ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব ৷ লগতে সেইদিনা তেওঁ এই বস্ত্ৰৰ এক বৰ্ণনা দাঙি ধৰিব ৷ অসমৰ কোনো ঠাইৰ ৰাইজে যদি এই বৃন্দাবনী বস্ত্ৰৰ প্ৰদৰ্শনী কৰিব বিচাৰে তেতিয়া শিল্পীজনে বিনা পইচাৰে ৰাইজলৈ সঁহাৰি আগবঢ়াব বুলি জানিবলৈ দিছে ৷ ইফালে গুৰুজনা বৃন্দাবনী বস্ত্ৰৰ আৰ্হি প্ৰস্তুত কৰি ৰাইজক দৰ্শনৰ সুযোগ দিয়াৰ বাবে চিত্ৰ শিল্পীগৰাকীক সকলোৱে উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে ৷

লগতে পঢ়ক : ২ লাখৰো অধিক মূল্যত ক্ৰয় এখন ফুলাম গামোচা ! বিশেষত্ব কি এই ফুলাম গামোচাখনৰ - Expensive Gamosa

লগতে পঢ়ক : চাৰি হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰা মহিলা আজি লাখপতি - Self Reliant Woman

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.