Tea estate labourers hold protest: প্ৰাপ্য বিচাৰিও যেতিয়া কৰিবলগীয়া হয় প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:28 PM IST

thumbnail

ডিব্ৰুগড়, 28 অক্টোবৰ : সমস্যাই লগ নেৰা হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলক । চাহ বাগিচাসমূহৰ উন্নয়ন আৰু অধিক লাভ আদায়ৰ আশাত চৰকাৰে চাহ বাগিচাসমূহ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিছিল । কিন্তু ব্যক্তিগত কোম্পানীসমূহে নিজৰ অধিক লাভ আদায়ত ব্যস্ত থকাত দিনক দিনে বৃদ্ধি পাইছে চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা ।

শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । চাহ বাগিচাখনৰ মালিক পক্ষই শ্ৰমিক ৰাইজক দৰমহা আদায় নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । পুৱাই চাহ শ্ৰমিক ৰাইজে ঘেৰাও কৰিলে চাহ বাগিচাখনৰ কাৰ্যালয় আৰু কলঘৰ । দৰমহা নাপাই ডিপ্লিং চাহ বাগিছাৰ কাৰ্যালয় ঘেৰাও কৰি চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷

আজি শনিবাৰে দৰমহাৰ দিন আছিল আৰু চাহ শ্ৰমিকসকলে দৰমহা নিবলৈ আহি দৰমহা নাপাই ক্ষোভিত হৈ পৰে । ইয়াৰ পূৰ্বেও বাগিচা কৰ্তৃপক্ষই সময়ত দৰমহা নিদিয়াৰ অভিযোগ তুলিছে চাহ বাগিচাৰ শ্ৰমিকসকলে । এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শ্ৰমিক ৰাইজে ।

লগতে পঢ়ক : Tea workers protest: ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতাৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.