Tea workers protest: ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতাৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:52 PM IST

thumbnail

চৰাইদেউ, 19 অক্টোবৰ : আৰু মাথো এটা দিনৰ অপেক্ষা ৷ শুকুৰবাৰে, ষষ্ঠীৰ দিনা বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমূৰ্তি ৷ চাৰিওফালে শৰৎ শৰৎ গোন্ধ ৷  দেশজুৰি দেখিবলৈ পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ উছাহ । কিন্তু তাৰ মাজতো পূজাৰ বা লগা নাই বহুতৰ ৷ ভুক্তভোগী এই লোকসকল হ’ল চাহ মজদুৰ ৷

দুৰ্গা পূজাৰ প্ৰাকক্ষণত সোণাৰিৰ বৰাহী চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ কৰিছে এইসকল চাহ শ্ৰমিকে । ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ তুলিছে বৰাহী চাহ বাগিচাৰ শ্ৰমিকে । চাহ মজদুৰ সংঘৰ নেতাই ধন আত্মসাৎ কৰাৰ অভিযোগত বৰাহী বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শ্ৰমিকৰ মৃত্যুৰ পাচত বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰা ধনৰ পৰা দহ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত শ্ৰমিকসকলে ।

ভাৰতীয় চাহ মজদুৰ সংঘৰ বৰাহী চাহ বাগিচা সমিতিৰ সভাপতি শিৱৰাজ লোহাৰ আৰু সুমন ভট্টাচাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে চাহ শ্ৰমিকে । বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে তেওঁলোকে । বৰাহী চাহ বাগিচাত মৃত্যু হোৱা লোকক বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰা ধন মোকলাই দিয়াৰ নামত বাগিচাৰ বিষয়াক ধন দিব লাগিব বুলি দহ হাজাৰকৈ টকা কৌশলৰে সংগ্ৰহ কৰাৰ পাচতেই প্ৰতিবাদত নামিল চাহ বাগিচাৰ শ্ৰমিক সকল । চাহ শ্ৰমিকৰ প্ৰাপ্যৰ পৰা কৌশলৰে ধন সংগ্ৰহ কৰা কাৰ্য শীঘ্ৰেই বন্ধ কৰাৰ দাবী তোলে চাহ শ্ৰমিকসকলে ।

লগতে পঢ়ক : Daily wages of tea garden workers : চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকালৈ বৃদ্ধি; চৰকাৰৰ পদক্ষেপক আদৰণি অসম চাহ মজদুৰ সংঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.