Daily wages of tea garden workers : চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকালৈ বৃদ্ধি; চৰকাৰৰ পদক্ষেপক আদৰণি অসম চাহ মজদুৰ সংঘৰ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 11:12 AM IST

thumbnail

তিনিচুকীয়া, ৫ অক্টোবৰ : দীৰ্ঘদিনৰ অন্তত অৱশেষত বৃদ্ধি হ’ল চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২ অক্টোবৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে এই বিশেষ সিদ্ধান্ত ৷ কেবিনেটৰ সিদ্ধান্ত মৰ্মে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ১৮ টকাকৈ অন্তৱৰ্তীকালীন হিচাপে বৃদ্ধি কৰা হয় ৷

ইয়াৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৩২ টকা আছিল আৰু এতিয়া ২৫০ টকা হিচাপে ধাৰ্য কৰা হৈছে দৈনিক মজুৰি ৷ অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে তিনিচুকীয়া জিলাৰ ডুমডুমাত অসম চাহ মজদুৰ সংঘৰ সম্পাদক তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই ৷

লগতে তেওঁ মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তক ধন্যবাদ জনায় ৷ ইয়াৰ সমান্তৰালভাৱে চাহ বাগিচাৰ ৰাইজ বা আদিবাসী চাহ শ্ৰমিকসকলৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৩ শতাংশ সংৰক্ষণ কৰাৰ কথাও ঘোষণা কৰা হয় এই বৈঠকতে ৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপক অসম চাহ মজদুৰ সংঘই আদৰণি জনাইছে ৷

লগতে পঢ়ক : Badruddin Ajmal inspects flood erosion : কলগাছিয়াৰ মইনবড়ীত AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ কান্দোন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.