সুৰাপান কৰোৱাই যুৱকে আনৰ পত্নীক পেলালে পথত : আৰক্ষীৰ কাষ চাপিল স্বামী - Drunken Woman thrown on road

By ETV Bharat Assamese Team

Published : May 22, 2024, 7:13 PM IST

thumbnail
সুৰাপান কৰোৱাই মহিলাক পথত পেলালে যুৱকে (ETV Bharat Assam)

যোৰহাট, 22 মে’: যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ মালৌপথাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মাত্ৰাধিক সুৰাপান কৰোৱাই পথৰ কাষত মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ’ল এগৰাকী মহিলাক ৷ মঙলবাৰে সংঘটিত হয় উক্ত ঘটনাটো ৷

সন্ধিয়াৰ ভাগত AS 01  BT 5207 নম্বৰৰ এখন স্ক’ৰপিঅ’ গাড়ীত এজন বিবাহিত লোকে আন এগৰাকী বিবাহিত মহিলাক মাত্ৰাধিক সুৰাপান কৰোৱাই অচেতন অৱস্থাত মালৌপথাৰ তথা দিল্লী পাব্লিক স্কুলৰ ওচৰৰ নিৰ্জন ঠাইৰ পথৰ কাষত পেলাই পলাই যাব বিচাৰে । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি গাড়ীসহ বিবাহিত যুৱকজনক স্থানীয় পুলিবৰ আৰক্ষীক গতাই দিয়ে ।

পিচত জানিব পৰা মতে বিবাহিত যুৱকজনক যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সাৰংগ গোস্বামী বুলি চিনাক্ত কৰা হয় । আনহাতে বিবাহিত মহিলাগৰাকীও তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পুলিবৰ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে । আনহাতে মাত্ৰাধিক সুৰাপান কৰোৱাই বিবাহিতা মহিলাগৰাকীৰ লগতে যুৱকজন অসৎ কাৰ্যত লিপ্ত হোৱাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: প্ৰথমে চেণ্ডেলৰে প্ৰহাৰ, তাৰপিছত চোকা অস্ত্ৰৰে আক্ৰমণ : যোৰহাটৰ মাজমজিয়াতে চাঞ্চল্যকৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.