ৰহস্যজনকভাৱে ডিঙি কটা অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান - Police Officer Injured

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:19 PM IST

thumbnail
জুনিতালা পুলিচ ৰিজাৰ্ভত ভয়ংকৰ ঘটনা (ETV BHARAT ASSAM)

কৰিমগঞ্জ, 22 মে’ : কৰিমগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ জুনিতালা পুলিচ ৰিজাৰ্ভৰ এজন আৰক্ষীক ডিঙি কটা অৱস্থাত উদ্ধাৰ ৷ কৰিমগঞ্জৰ জুনিতলা পুলিচ ৰিজাৰ্ভত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনা ৷ মঙলবাৰে নিশা ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হয় এজন আৰক্ষী জোৱানক ৷ জানিব পৰা মতে আহত আৰক্ষী জোৱানজনৰ নাম জগতজ্যোতি দে’ ৷ জোৱানজনে আত্মহত্যাৰ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে ৷ 

ঘটনাৰ পিছতে আন আৰক্ষী জোৱানে আহত জগতজ্যোতিক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু অৱস্থা সংকটজনক হোৱাত তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ অৱশ্যে এই ঘটনা কিয় বা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ লগতে এই ঘটনা সন্দৰ্ভত কোনো আৰক্ষী বিষয়াই কোনো মতামত প্ৰকাশ কৰা নাই ৷  

লগতে পঢ়ক : পাণবজাৰ আৰক্ষীৰ জালত ভুৱা জামিনদাৰ - FAKE BAILER IN GUWAHATI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.