Elephant herd cross railway track: হাতীৰ বাবে ৰৈ দিলে ৰে’ল

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 12:41 PM IST

thumbnail

হোজাই, 4 নৱেম্বৰ : হাতী মানুহৰ সংঘাত, বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু, হাতী খেদিবলৈ গৈ মৃত্যু, বন্যহস্তীয়ে ঘৰ ভাঙি তচনচ কৰিলে- এই খবৰবোৰ দেখি শুনি নিশ্চয় আপোনালোকো অতিষ্ঠ হৈ পৰিছে ৷ তাতেই বন-বিভাগৰ অমনোযোগিতাক লৈ বিভিন্ন ঠাইৰ গাঁৱৰ ৰাইজে প্ৰকাশ কৰা অসন্তুষ্টিয়েও নিশ্চয়কৈ চকু কপালত তুলিছে আপোনালোকৰ ৷ এইবোৰৰ মাজত আগবঢ়াইছো এটা কিছু পৃথক খবৰ ৷ বন-বিভাগৰ তৎপৰতাত কাকো অপকাৰ নকৰাকৈ ধীৰে-সুস্থিৰে ৰে’ল লাইন পাৰ হ’ল এটা বৃহৎ হাতীৰ জাক ৷ ঘটনাটো হোজাইৰ ৷

পুৱতি নিশা হোজাই জিলাৰ হাবাইপুৰ-লামচাখাং ৰে’ল ষ্টেচনৰ মাজত লংকা বন-বিভাগে ৰেল ৰখাই পাৰ কৰালে বৃহৎ বনৰীয়া হাতীৰ এটি জাক । নামনিমুৱা বিবেক এক্সপ্ৰেছখন হোজাই বন-বিভাগে সংকেত দি ৰখাই পাৰ কৰালে উক্ত হাতীৰ জাকটো । হোজাই জিলাৰ নিকটৱৰ্তী কাৰ্বি আংলঙৰ দিশৰ পৰা লামডিং বনাঞ্চল দিশে পাৰ হৈ আছিল উক্ত হাতীৰ জাকটো । শনিবাৰে পুৱতি নিশা ৫:৫০ মানৰ পৰা ৬:১০ মান বজাৰ ভিতৰত উক্ত হাতীৰ জাকটোৱে ৰে’ল পথ অতিক্ৰম কৰে বুলি বন-বিভাগৰ লোকৰ পৰা জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : Man-Elephant clash: হাতীৰ ভোক গুচাবলৈ ৰাইজে যোগান ধৰিছে কলগছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.