ETV Bharat / technology

WhatsAppত এতিয়াৰে পৰা ইন্টাৰনেট নোহোৱাকৈয়ে শ্বেয়াৰ কৰিব পাৰিব ফাইল: জানি লওক কেনেকৈ ? - WhatsApp File Sharing

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 3:16 PM IST

WhatsApp File Sharing: যদি আপুনি WhatsAppৰ জৰিয়তে কোনো ফাইল শ্বেয়াৰ কৰিব বিচাৰে তেন্তে ইণ্টাৰনেটৰ প্ৰয়োজন হয়। কিন্তু এতিয়া চিন্তাৰ প্ৰয়োজন নহ’ব । WhatsAppত নতুন কৌশল আনিবলৈ সাজু হৈছে মেটা । ইয়াৰ সহায়ত ইন্টাৰনেট অবিহনেও হোৱাটছএপৰ জৰিয়তে ইজনে সিজনৰ লগত ফাইল শ্বেয়াৰ কৰিব পাৰিব ।

From now on, you don't need internet to share files on WhatsApp
WhatsAppত এতিয়াৰে পৰা ইন্টাৰনেট নোহোৱাকৈয়ে শ্বেয়াৰ কৰিব পাৰিব ফাইল; জানি লওক কেনেকৈ ? (ETV BHARAT ASSAM)

বহু সময়ত আমি ইজনে আনজনৰ লগত ফাইল শ্বেয়াৰ কৰিব লাগে ৷ ইয়াৰ বাবে মানুহে বহু ধৰণৰ শ্বেয়াৰিং এপ ব্যৱহাৰ কৰে ৷ আমিও হোৱাটছএপৰ জৰিয়তে ইজনে আনজনলৈ ফাইল পঠিয়াব পাৰো ৷ কিন্তু ইয়াৰ বাবে ডাটাৰ প্ৰয়োজন ৷ কিন্তু এতিয়া ইন্টাৰনেট অবিহনেও হোৱাটছএপৰ জৰিয়তে ফাইল শ্বেয়াৰ কৰিব পাৰিব ৷ ছ’চিয়েল মিডিয়া কোম্পানীটোৱে এটা নতুন ফিচাৰৰ ওপৰত কাম কৰি আছে ৷ ইয়াৰ অধীনত হোৱাটছএপ ব্যৱহাৰকাৰীসকলক এজনে আনজনলৈ মাজত ফাইল ট্ৰান্সফাৰ কৰিবলৈ ইণ্টাৰনেটৰ প্ৰয়োজন নহ’ব ৷

শেহতীয়াকৈ হোৱাটছএপৰ শেহতীয়া এণ্ড্ৰইড বিটা সংস্কৰণত দেখা গৈছে People Nearby নামৰ এটা নতুন ফিচাৰ ৷ এই ফিচাৰৰ জৰিয়তে ইণ্টাৰনেট অবিহনে দুটা হোৱাটছএপ একাউণ্টৰ মাজত ফাইল ট্ৰেন্সফাৰ কৰিব পৰা যায় ৷ ডাটা অবিহনে ফাইল শ্বেয়াৰ কৰিবলৈ হ’লে হোৱাটছএপত কিছু ছেটিংছ কৰিব লাগিব, তাৰ পিছত ফাইলটো সহজে শ্বেয়াৰ কৰিব পাৰিব ৷ হোৱাটছএপৰ আপডেট আৰু নতুন ফিচাৰৰ ওপৰত চকু ৰখা পৰ্টেল WABetaInfoৰ মতে, এই বৈশিষ্ট্য হোৱাটছএপ এণ্ড্ৰইড বিটা সংস্কৰণ ২.২৪.৯.২২ত উপলব্ধ হ’ব ৷ ইয়াৰ পৰা ইণ্টাৰনেট সংযোগ অবিহনে ফটো, ভিডিঅ’, ডকুমেণ্ট বা আন ফাইল শ্বেয়াৰ কৰা সম্ভৱ হ’ব আৰু এই সংস্কৰণ অতি শীঘ্ৰেই WhatsApp ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হ’ব ৷

অৱশ্যে হোৱাটছএপক প্ৰয়োজনীয় অনুমতি দিলেহে এই ফিচাৰে কাম কৰিব ৷ ইয়াৰ ভিতৰত ওচৰৰ হোৱাটছএপ ডিভাইচসমূহে আপোনাৰ হোৱাটছএপ ফোনটো বিচাৰি উলিয়াব পৰা অনুমতিও অন্তৰ্ভুক্ত কৰা হৈছে ৷

নতুন ফিচাৰে আপুনি মিডিয়া ফাইল, অৱস্থান আৰু ডিভাইচ আদি সংযোগ কৰাৰ অনুমতিও দিব লাগিব ৷ ব্যৱহাৰকাৰীসকলে যেতিয়াই বিচাৰে এই অনুমতিসমূহ বাতিল কৰিবলৈ সুবিধা পাব ৷ বিশেষ কথাটো হ’ল পিপলছ নিয়াৰবাই ফিচাৰৰ অধীনত ট্ৰেন্সফাৰ কৰা ফাইলবোৰ এণ্ড টু এণ্ড এনক্ৰিপ্ট হৈ থাকিব ৷ অৰ্থাৎ হোৱাটছএপে আপোনাৰ গোপনীয়তাৰ সম্পূৰ্ণ যত্ন লব ৷

ফোন নম্বৰ দেখা নাযাব

হোৱাটছএপ ফাইল শ্বেয়াৰিঙৰ সময়ত ফোন নম্বৰটো লুকাই থাকিব, কাৰো দৃষ্টিগোচৰ নহ’ব ৷ এই ফিচাৰে দ্ৰুত শ্বেয়াৰৰ দৰেই কাম কৰিব ৷ বৰ্তমান এই বৈশিষ্ট্য পৰীক্ষাৰ পৰ্যায়ত আছে আৰু কেৱল নিৰ্বাচিত লোকেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব ৷ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে এই ফিচাৰ মুকলি কৰিব পাৰিব হোৱাটছএপে ৷

লগতে পঢ়ক: হোৱাটছএপত নতুন ফিচাৰ সংযোজন: ভিডিঅ’ আৰু ফটোত কেনেদৰে সহজে ৰিয়েক্ট কৰিব ? - WHATSAPP FEATURE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.