দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ে লাভ কৰিলে NAAC ৰ B+ Grade - Deen Dayal Upadhyaya Model College

By ETV Bharat Assamese Team

Published : May 22, 2024, 2:20 PM IST

thumbnail
NAAC ৰ পৰিদৰ্শনত B+ Grade লাভ দলগাঁও দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (ETV BHARAT ASSAM)

দৰং, 22 মে’ : সৰ্বভাৰতীয় পৰ্যায়ৰ NAAC ৰ পৰিদৰ্শনত উজলিল দৰঙৰ দলগাঁও দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় । দলগাঁৱৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ে মাত্ৰ ৬ টা বসন্ত গৰকাৰ পিচতে এইবাৰ NAAC ৰ পৰিদৰ্শনৰ বাবে যোগ্যতা লাভ কৰে । 

চলিত মাহৰ ৮ আৰু ৯ তাৰিখে NAAC ৰ শিক্ষা গোটটোৱে পৰিদৰ্শন কৰিছিল মহাবিদ্যালয়খন । বিভিন্ন শিতান পৰিদৰ্শন কৰি NAAC ৰ দলটোৱে সোমবাৰে ফলাফল ঘোষণা কৰে । NAAC ৰ ৱেবছাইটত B+ ফলাফল দেখি আনন্দিত হয় মহাবিদ্যালয় কৰ্তৃপক্ষ । 

ইয়াৰ পিচতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে B+ লাভ কৰাত অভিনন্দন জ্ঞাপন কৰে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক । বিভিন্ন সমস্যাৰে জৰ্জৰিত মহাবিদ্যালয়খনৰ এই ফলাফলে আনন্দিত কৰিছে অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীক । যিসমূহ সমস্যাৰ বাবে মহাবিদ্যালয় খনে B+ Grade তে স্থবিৰ হ'বলগীয়া হ'ল, সেই সমস্যাসমূহ দূৰ কৰিবলৈ ভৱিষ্যতে চেষ্টা কৰাৰ কথা মহাবিদ্যালয়ৰ অধ্যক্ষই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷

লগতে পঢ়ক: ৰুদ্ধদ্বাৰ বৈঠকত বিৰোধী ঐক্য মঞ্চৰ চাৰি নেতা; কিহৰ আলোচনা দিচাং ৰিজ’ৰ্টত ? - LS Polls 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.