Man-Elephant clash: হাতীৰ ভোক গুচাবলৈ ৰাইজে যোগান ধৰিছে কলগছ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:06 AM IST

thumbnail

তিতাবৰ, 31 অক্টোবৰ : এফালে বৈদ্যুতিক শ্বক লগাই ভয় খুওৱাৰ প্ৰচেষ্টা, এফালে কলগছ খুৱাই ভোক গুচোৱাৰ চেষ্টা ৷ তিতাবৰত ঠেঙাল কছাৰী সংগঠনৰ এক প্ৰশংসনীয় পদক্ষেপ । বনৰীয়া হাতীৰ বাবে যোগান ধৰিছে কলগছ ।

আমি সঘনাই দেখা পাওঁ নতুবা পঢ়িবলৈ পাওঁ হাতী মানুহৰ সংঘাতৰ কথা । কিন্তু আজি আপোনালোকলৈ আগবঢ়াইছো তাৰ এক বিপৰীত ছবি ৷ তিতাবৰত সদৌ অসম ঠেঙাল কছাৰী সংগঠন পানীনৰা প্ৰাথমিকৰ ৰাইজে মিলি ২০০ জোপা কলগছ মৰিয়নী গিৱন অভয়াৰণ্যত যোগান ধৰে । পকা ধানৰ সময় আহি কৃষক ৰাইজৰ ধান অনিষ্ট নকৰাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লৈছে তেওঁলোকে ৷

খাদ্যৰ সন্ধানত গিবনৰ পৰা ওলাই অহা হাতীৰ জাকটোৰ প্ৰতি সংগঠনটোৱে দেখুওৱা এই মানৱীয়তাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷ প্ৰায় এমাহ মান ধৰি গিবন অভয়াৰণ্য পৰা হাতীজাক ওলাই আহি তিতাবৰ কচুখাত, চামুগুৰি অঞ্চলৰ বৃস্তৰ ক্ষতি সাধন কৰিছে ৷

লগতে পঢ়ক : Elephant menace: ১৫০ জনীয়া বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰিছে মাজুলীৰ গঞাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.