শোকাৱহ ! গছ পৰি থিতাতে মৃত্যু এজনৰ - Heavy storm in Bongaigaon

By ETV Bharat Assamese Team

Published : May 18, 2024, 7:08 AM IST

thumbnail
শোকাৱহ! গছ পৰি থিতাতে মৃত্যু এজনৰ (Etv bharat assam)

বঙাইগাঁও, 18 মে’: প্ৰচণ্ড বতাহ-ধুমুহাই প্ৰাণ কাঢ়িলে এজন লোকৰ ৷ বঙাইগাঁও জিলাৰ মাজগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো  ৷ শুকুৰবাৰৰ বিয়লি ভাগত অহা এজাক প্ৰচণ্ড ধুমুহা-বতাহৰ ফলত প্ৰকাণ্ড গছ এডাল পথত ৰৈ থকা এখন অ’টোৰ ওপৰত বাগৰি পৰে ৷ যাৰ ফলত এজন লোকৰ কৰুণ মৃত্যু ঘটে । বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত সংঘটিত হয় এই ঘটনাটো । 

প্ৰকাণ্ড গছডাল বাগৰি পৰাৰ ফলত অটোখনৰ ভিতৰত থকা চিত্তৰঞ্জন শৰণীয়া নামৰ লোকজনৰ ঘটনাস্থলীতেই মৃত্যু ঘটে ৷ ইয়াৰ লগতে অ’টোখনৰ ভিতৰত থকা আন এজন লোক আহত হয় ৷ আহত লোকজনৰ নাম ধ্ৰুৱ মেচ বুলি জানিব পৰা গৈছে ৷ 

স্থানীয় ৰাইজৰ তৎপৰতাত আহত ধ্ৰুৱ মেচক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । স্থানীয় ৰাইজে চিত্তৰঞ্জন শৰণীয়াক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পাচত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক: কাছাৰত ধুমুহাৰ তাণ্ডৱ, গছ পৰি একেটা পৰিয়ালৰ শিশুসহ আহত ৯ - Rain And Hailstorm In Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.