কাছাৰত ধুমুহাৰ তাণ্ডৱ, গছ পৰি একেটা পৰিয়ালৰ শিশুসহ আহত ৯ - Rain And Hailstorm In Assam

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 2:11 PM IST

thumbnail

শিলচৰ, ৫ এপ্ৰিল : শুকুৰবাৰে নিশা কাছাৰত প্ৰচণ্ড ধুমুহা বৰষুণ হয় ৷ এই ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কাছাৰৰ একেটা পৰিয়ালৰ শিশুসহ ৯ জনকৈ লোক আহত হয় । কাছাৰৰ উধাৰবন্ধ টিকলপাৰ বস্তিত গছ পৰি আহত হৈছে পৰিয়ালটোৰ সদস্যসকল ।

উল্লেখ্য় যে, যোৱা কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ চলাই আছে । প্ৰকৃতিৰ এই ৰূপত বিস্তৰ ক্ষতিসাধন হৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে কাছাৰতো যোৱা নিশা ধুমুহাই তাণ্ডৱ চলায় । হঠাৎ অহা ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকক ।

ইয়াৰে মাজত জিলাৰ উধাৰবন্ধ টিকলপাৰ বস্তিত ধুমুহাত গছ পৰি আহত হৈছে দুটি শিশুসহ একেটা পৰিয়ালৰ ৯ জনকৈ লোক । নিশা ঘৰত শুই থকা অৱস্থাত হঠাৎ অহা ধুমুহাৰ ফলত ঘৰৰ কাষতে থকা এজোপা আম গছ উভালি পৰে ঘৰৰ ওপৰত । তাৰ পাচতেই পৰিয়ালৰ লোকসকলে চিঞৰ বাখৰ কৰাত স্থানীয় লোকসকলে তেওঁলোকক ঘৰৰ পৰা উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ লৈ যায় ।

বৰ্তমান আটাইকেইজন মেডিকেল কলেজত চিকিৎসাধীন । উল্লেখ্য় যে, দুদিন পূৰ্বেও কাছাৰৰ ধলাই ৰাজঘাটত ধুমুহাত গছ পৰি মৃত্যু হয় এগৰাকী মহিলাৰ । ৪ মহীয়া সন্তানসহ নিশা শুই থকাৰ সময়তেই গছ পৰি মৃত্যু হয় মহিলাগৰাকীৰ ।

লগতে পঢ়ক:গড়ভাঙাত ধুমুহাত বিস্তৰ ক্ষতিসাধন‌, ৰাইজৰ খৱৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ - Rain And Hailstorm In Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.