Elephant menace: ১৫০ জনীয়া বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰিছে মাজুলীৰ গঞাৰ

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:14 PM IST

thumbnail

মাজুলী, 25 অক্টোবৰ : হাতী-মানুহৰ সংঘাত আজিৰ নহয়, এই সংঘাত দীৰ্ঘদিনীয়া ৷ চৰকাৰে বহু সময়ত বিভিন্ন পদক্ষেপ হাতত লৈছে যদিও বহু অঞ্চলত এতিয়াও কিন্তু বন বিভাগে হাতীৰ পৰা মানুহক ৰক্ষণাবেক্ষণ দিবলৈ কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহয় ৷ বিগত কেইটামান দিনত বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে ৷ প্ৰাণৰ মমতাত নিজৰ ঘৰবাৰী এৰি যাবলগীয়া পৰিস্থিতি তেনেই সাধাৰণ ৷ বিভিন্ন ঠাইত মানুহে উপায়বিহীন হৈ নিজৰ প্ৰাণ আৰু খেতি বচোৱাৰ নামত বৈদ্যুতিক শ্বক দি হাতী মৰাৰ ঘটনাও সংঘটিত হৈছে ৷

শেহতীয়াকৈ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত হাতীৰ জাক দেখি ৰাইজে  ভয় খাইছে ৷ বিগত কেইবাটাও দিনে উক্ত ঠাইত বিচৰণ কৰি আছে ১৫০ জনীয়া বনৰীয়া হাতীৰ এটা জাকে । উজনি মাজুলীৰ চৰ অঞ্চলত মুক্ত বিচৰণ কৰি আছে এই হাতীৰ জাকটোৱে । চৰ চাপৰিত থকা কৃষকৰ শস্য খাবলৈ ওলাই আহিছে হাতীৰ জাকটো । মাজুলী জিলা বনকৰ্মী আৰু স্থানীয় ৰাইজৰ চোকা নজৰৰ বাবে অৱশ্যে এতিয়ালৈকে শস্য খাব পৰা নাই হাতীৰ জাকটোৱে ।

মাজুলী জিলা বনকৰ্মীসকলে দিনে নিশাই বনৰীয়া হাতীৰ জাকটোৱে যাতে চহা কৃষকসকলৰ শস্যৰ পথাৰৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পহৰা দিয়াত ব্যস্ত হৈ আছে । ইফালে চৰ-চাপৰিৰ ৰাইজক আতংকিত নহৈ বনকৰ্মীসকলৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান মাজুলী জিলা বন বিভাগৰ । খাদ্যৰ সন্ধান ওলাই অহা এই হাতীৰ জাকটোত বহুকেইটা পোৱালি হাতীও আছে  ।

লগতে পঢ়ক : Elephant menace: মানুহ নথকাৰ সুযোগতে ভাঙি পেলালে ঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.