ঘগ্ৰাপাৰ থানাৰ আলহী ৮ জুৱাৰী - Operation against gambler

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:44 PM IST

thumbnail
ঘগ্ৰাপাৰ থানাৰ আলহী ৮ জুৱাৰী (ETV Bharat Assam)

নলবাৰী,২৪ মে': জুৱাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নলবাৰী আৰক্ষীয়ে । বৃহস্পতিবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাই জুৱাৰীৰ বিৰুদ্ধে চলাই অভিযান ৷ অভিযানত নিশা ৮ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ঘগ্ৰাপাৰ আৰক্ষী ৷ এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ কুমাৰ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই জিলাখনৰ বৰভাগ বৰখালাৰ পৰা ৮ টাকৈ জুৱাৰীক হাতেলোটে আটক কৰিবলৈ সক্ষম হয় ৷  

আটকধীন জুৱাৰী কেইটা ক্ৰমে ৰিতুল আলী, ফিৰুজ আলী, গিয়াজউদ্দিন, জেহেৰুল ইছলাম, পৰমেশ্বৰ বৈশ্য, পুলক দাস, হবিব জামাল, ইনতাজ আলী । জুৱাৰী কেইটাৰ পৰা নগদ ১৯ হেজাৰ ৭০ টকাৰ লগতে তাচপাত আৰু ম'বাইল ফোন জব্দ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে আটকাধীন জুৱাৰী কেইটাক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰি ঘগ্ৰাপাৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.