ETV Bharat / state

তিনিচুকীয়াত আই পি এল জুৱাৰ বৃহৎ পৰিমাণৰ ধন জব্দ - IPL Gamblers In Tinsukia

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 3:33 PM IST

IPL gambling in Assam: আই পি এল জুৱাৰ বৃহৎ সফলতাৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীৰ সংবাদমেল । এই পৰ্যন্ত তিনিজনক গ্ৰেপ্তাৰৰ লগতে জব্দ ৮৩ লাখ ৬৪ হাজাৰ ৮২০ টকা ৷ নীতিন বেৰিয়াক আটক কৰিবলৈ অব্যাহত ৰাখিছে অভিযান ৷

Press conference of Tinsukia ASP
অতিৰিক্ত আৰক্ষী অধীক্ষৰ সংবাদমেল (ETV BHARAT ASSAM)

তিনিচুকীয়া, ৩ মে’: তিনিচুকীয়া সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১২২/২৪ নম্বৰ গোচৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে ৬২ লাখ ৮০ হাজাৰ ৮৯০ টকা জব্দ কৰে । এই সন্দৰ্ভত শুকুৰবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষকে সম্বোধন কৰে এখন সংবাদমেল ৷

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাসে তিনিচুকীয়া সদৰ আৰক্ষী থানাত সম্বোধন কৰা সংবাদমেলখনত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ ধন জব্দ কৰা নিখিল আগৰৱালাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি সদৰি কৰে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষগৰাকীয়ে উক্ত গোচৰটোৰ ভিত্তিত ইতিমধ্যে সুপ্ৰিত বিশ্বাস, বিকাশ বেৰিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত শেহতীয়াকৈ নিখিল আগৰৱালাক গ্ৰেপ্তাৰ কৰা বুলি কয় । উক্ত গোচৰ সন্দৰ্ভত এই পৰ্যন্ত ৮৩ লাখ ৬৪ হাজাৰ ৮২০ টকা জব্দ কৰা বুলিও তেওঁ কয় ৷

ইফালে, শুকুৰবাৰে পুনৰ বিকাশ বেৰিয়া আৰু নিখিল আগৰৱালাক আদালতত হাজিৰ কৰি অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব বুলিও প্ৰকাশ কৰে ৷ সমান্তৰালভাৱে উক্ত আই পি এল জুৱা চক্ৰৰ আন এজন মূল অভিযুক্ত নীতিন বেৰিয়াকো আটক কৰিবলৈ অভিযান চলোৱা হৈছে বুলি কয় অতিৰিক্ত আৰক্ষী অধীক্ষগৰাকীয়ে । তেওঁ এইক্ষেত্ৰত জড়িত কোনো ব্যক্তিৰ সন্ধান পালে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনায় ।

উল্লেখ্য় যে, আই পি এল জুৱা বুলিয়েই যিকোনো খেলৰ সৈতে জুৱা খেলাই বেৰিয়া ভাতৃত্ব এণ্ড টিমে ৷ জুৱা খেলাৰ সময়ত বিদেশত বাহৰপাতি বুকীসকলৰ জৰিয়তে পৰিচালনা কৰে সমগ্ৰ জুৱা ৷ যিহেতু বিকাশ বেৰিয়াই সন্ধিয়া আহি বাসগৃহত প্ৰৱেশ কৰাৰ পাছতে পিছদিনা কাহিলি পুৱাতেই তিনিচুকীয়া আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিছিল বিকাশ বেৰিয়াক । এই জুৱা চক্ৰত পৰি বহু লোকে ইতিমধ্যে মাটি-বাৰী, গহণা পাতিকে ধৰি সৰ্বস্বান্ত হেৰুৱাই পেলাইছিল ।

লগতে পঢ়ক: পুনৰ তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক - IPL Gamblers In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.