ETV Bharat / state

পুনৰ তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক - IPL Gamblers In Tinsukia

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 1:58 PM IST

IPL gambling in Assam
আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক

IPL gambling in Assam: নিতিন বেৰিয়াৰ বাসগৃহৰ দৰ্জা, গডৰেজ খুলিবৰ বাবে প্ৰয়োজন ফিংগাৰ প্ৰিণ্টৰ । সোণেৰে সজাইছে বাথৰূম ।

তিনিচুকীয়া, ১ মে': আদালতত মুখ থেকেচা খালে আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াই ৷ তিনিচুকীয়া আৰক্ষীয়ে প্ৰথমবাৰ তিনিদিনৰ বাবে জিম্মাত লোৱাৰ পাছত আৰক্ষীৰ জিন্মাৰ ম্যাদ উকলাত মঙলবাৰে আবেলি পুনৰ তিনিচুকীয়াৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল বিকাশ বেৰিয়াক। তাৰ পাছতে আদালতে আই পি এল জুৱাৰ মাষ্টাৰমাইণ্ড বিকাশ বেৰিয়াক পুনৰ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে সদৰী কৰিছে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰব দিলিপে ৷

তিনিচুকীয়া জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ বিচিত্ৰা দত্তৰ বিচাৰপীঠে প্ৰদান কৰিলে এই ৰায় ৷ বিকাশ বেৰিয়াৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা ভাষ্কৰ দত্তসহ এটা ৮ জনীয়া জ্যেষ্ঠ অধিবক্তাৰ দলে ৷ তিনিচুকীয়া আৰক্ষীয়ে প্ৰথমবাৰ ১০ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও তিনিদিনৰ বাবে জিম্মালৈ প্ৰেৰণ কৰিছিল । সেইহেতুকে তিনিদিনৰ জিম্বাৰ ম্যাদ উকলাৰ পাছত পুনৰ তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈ তিনিচুকীয়া আৰক্ষীয়ে আৰু অধিক গভীৰলৈ আৰম্ভ কৰিব তদন্ত ।

এই সময়চোৱাত বিকাশ বেৰিয়াৰ নীতি-বৰ্হিভূত সম্পত্তিৰ উৎসৰ অধিক তদন্ত কৰাৰ সম্ভাৱনা আছে তিনিচুকীয়া আৰক্ষীয়ে ৷ যিহেতু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰি সম্পত্তি বাজেয়াপ্ত কৰিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে সংগঠনে আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷ উল্লেখযোগ্য যে আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও আন এজন মূল অভিযুক্ত ভাতৃ নিতিন বেৰিয়াৰ লগতে সোঁৱে-বাঁৱে থকাসকল বৰ্তমানো পলাতক ।

তিনিচুকীয়া আৰক্ষীয়ে নিতিন বেৰিয়াৰ বাসগৃহত অভিযান চলাই ৮.৫০ লাখ টকা জব্দ কৰিছে যদিও সেয়া সামান্য ৷ কিয়নো তেওঁৰ বাসগৃহটোৰ ভিতৰচ’ৰাত প্ৰৱেশ কৰিয়েই তিনিচুকীয়া আৰক্ষীৰ অভিযানকাৰী দলৰ চকু কপালত উঠে । আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, নিতিন বেৰিয়াৰ বাসগৃহৰ দৰ্জা, গডৰেজ খুলিবৰ বাবে ফিংগাৰ প্ৰিণ্টৰ প্ৰয়োজন হোৱাৰ লগতে খিৰিকী খুলিব পাৰে ৰিমোটেৰে । সমান্তৰালভাৱে সোণৰ দৰে অথবা সোণেৰে বাথৰূম কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিছে ।

উল্লেখ্য় যে আই পি এল জুৱা বুলিয়েই যিকোনো খেলৰ স’তে জুৱা খেলাই বেৰিয়া ভাতৃত্ব এণ্ড টিমে ৷ জুৱা খেলাৰ সময়ত বিদেশত বাহৰপাতি বুকীসকলৰ জৰিয়তে পৰিচালনা কৰে সমগ্ৰ জুৱাৰ ৷ যিহেতু বিকাশ বেৰিয়াই সন্ধিয়া আহি বাসগৃহত প্ৰৱেশ কৰাৰ পাছতে পিছৰ দিনা কাহিলি পুৱাতেই তিনিচুকীয়া আৰক্ষীৰ দ’লে গ্ৰেপ্তাৰ কৰিছিল বিকাশ বেৰিয়াক । এই জুৱা চক্ৰত পৰি বহু লোকে ইতিমধ্যে মাটি-বাৰি, গহনাপাতিকে ধৰি সৰ্বস্বান্ত হেৰুৱাই পেলাইছিল ।

লগতে পঢ়ক:আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক তিনিদিনৰ অন্তত পুনৰ আদালতত হাজিৰ - IPL Gamblers In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.