সেনা বাহিনীৰ বাহনৰ পৰা হঠাৎ ছিটিকি পৰিল গুলী-বাৰুদৰ বাকচ - Accident in Lakhimpur

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:34 PM IST

thumbnail
সেনা বাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত (ETV BHARAT ASSAM)

লখিমপুৰ, ২৪ মে': লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ গাগলডুবিত শুকুৰবাৰে সেনা বাহিনীৰ বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হয় । আজি বিয়লি সেনা বাহিনীৰ এটা কনভয়ৰ ডব্লিউ বি ২৩ জি ০১৩৮ নম্বৰৰ বাহনখন দুৰ্ঘটনাত পতিত হয় । সেনা বাহিনীৰ এই কনভয়টোত আছিল সাতখনকৈ বাহন । কনভয়টো গৈ থকা অৱস্থাত বগীনদী অঞ্চলৰ গাগলডুবিত হঠাৎ এই বাহনখনে নিয়ন্ত্রণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে । এই দুৰ্ঘটনাত বাহনখনৰ পৰা সেনাবাহিনী গুলী-বাৰুদৰ বাকচসমূহ ছিটিকি পৰে ।  

দুৰ্ঘটনাটোত বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হয় । পিছত তেওঁক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় । সেনা বাহিনীৰ এই কনভয়টো শিলচৰৰ পৰা লখিমপুৰৰ দুলুংমুখলৈ আহিছিল । ঘটনাৰ পাছতে সেনা বাহিনীয়ে বাহনখনৰ পৰা ছিটিকি পৰা সা-সৰঞ্জামসমূহ অন্য বাহনত নিয়াৰ ব্যবস্থা কৰে ।  

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.