ETV Bharat / snippets

ডাম্পাৰ-বাইকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে এজনে

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 7:51 AM IST

ROAD ACCIDENT IN KARIMGANJ
পথ দুৰ্ঘটনা (Etv Bharat Assam)

কৰিমগঞ্জ, 23 মে’: দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বাটইয়া হাফিজিয়া মাদ্ৰাছাৰ সন্মুখত ডাম্পাৰ-বাইকৰ সংঘৰ্ষ ৷ এই ঘটনাত নিহত এজন যুৱক ৷ ঘটনাৰ প্ৰতিবাদত অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী ৷ পথ অৱৰোধকাৰী আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডা ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত জিলা উপ আৰক্ষী অধীক্ষক নাৰায়ণ বড়ো আৰু নিলাম বজাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৷ নিলাম বজাৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ নিহত হোৱা যুৱকজন নুৰুল হাছান বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.