ETV Bharat / bharat

তেওঁলোক গৈছিল সাইবাবাৰ দৰ্শনৰ বাবে; কিন্তু মুখামুখি হ’ল দুৰ্ঘটনাৰ - bus collides with truck

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 1:53 PM IST

Bus collides with truck: সাইবাবা দৰ্শনৰ বাবে শিৰডীলৈ যোৱা কৰ্ণাটকৰ ভক্তৰ বাছ মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত ৷ চলন্ত ট্ৰাকত পাচফালৰ পৰা খুন্দা মাৰিলে যাত্ৰীবাহী বাছখনে ৷ এই দুুৰ্ঘটনাত আহত ১৮ জন লোক ৷

Bus collides with truck
গৈছিল সাইবাবাৰ দৰ্শনৰ বাবে; কিন্তু মুখামুখি হ’ল দুৰ্ঘটনাৰ (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 22 মে’: মহাৰাষ্ট্ৰৰ পুণেৰ ছাত্রপতি শম্ভাজীনগৰ ঘাইপথৰ ধোৰেগাঁও শিৱৰাত সাইবাবা দৰ্শন কৰিবলৈ শিৰডীলৈ যোৱা এখন বাছ মঙলবাৰে নিশা প্ৰায় ১১.৩০ বজাত দুর্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত বাছখনৰ চালকসহ ১৮ জন লোক আহত হয় ৷ ইয়াৰে ৪ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা হৈছে । আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

জানিব পৰা মতে, কৰ্ণাটকৰ পৰা ৬০ জন ভক্তক লৈ ব্যক্তিগত বাছখনে শিৰডী অভিমুখে আহি থকাৰ সময়তে গংগাপুৰ তালুকৰ ধোৰেগাঁও শিৱৰাত চি এন জি পাম্পৰ সন্মুখত এখন বিয়েৰ ভৰ্তি কণ্টেইনাৰ বাহনত পাচফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিনষ্ট হয় । অৱশ্যে দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই ৷

বাছখনে কণ্টেইনাৰত জোৰেৰে খুন্দা মৰাৰ লগে লগে তীব্ৰ শব্দৰ সৃষ্টি হয় । লগে লগে স্থানীয় ৰাইজে সেই স্থানত একত্ৰিত হয় আৰু আৰক্ষীক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰে ৷ দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত সকলো ভক্তক দুৰ্ঘটনাগ্ৰস্ত বাছৰ পৰা উলিয়াই আনি চহৰখনৰ ঘাটি হাস্পতাললৈ প্ৰেৰণ কৰে ৷

চিকিৎসকে তৎপৰতাৰে আহতসকলক চিকিৎসা প্ৰদান কৰি সামান্য আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়ে । ইফালে গুৰুতৰভাৱে আহত চাৰিজন লোকক বৰ্তমানো চিকিৎসকৰ নিৰীক্ষণত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে । গংগাপুৰ আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীয়ে সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Lucknow Gorakhpur accident : লক্ষ্ণৌত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ; ৭ গৰাকী যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.