Elephant menace: মানুহ নথকাৰ সুযোগতে ভাঙি পেলালে ঘৰ

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:03 PM IST

thumbnail

বিহপুৰীয়া, 24 অক্টোবৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী শংকৰপুৰত বনৰীয়া হাতীৰ ত্ৰাস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে ত্ৰাস চলাই থকাৰ মাজতে নাৰায়ণপুৰৰ শংকৰপুৰত সংঘটিত হৈছে অনুৰূপ ঘটনা ।

অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে সোমবাৰৰ নিশা শংকৰপুৰ অঞ্চলত প্ৰৱেশ কৰি বহু সা-সম্পত্তি নষ্ট কৰে ৷ হাতীৰ জাকটোৱে ধান খেতি নষ্ট কৰাৰ লগতে বহু পৰিয়ালৰ ঘৰ-বাৰী, বিভিন্ন সামগ্ৰী নষ্ট কৰি লণ্ডভণ্ড কৰে । বনৰীয়া হাতীৰ জাকটোৱে এটি পৰিয়ালৰ গৃহ সম্পূৰ্ণৰূপে ভাঙি পেলাই থৈ যায় ৷ জানিব পৰা মতে, উক্ত পৰিয়ালটি দুৰ্গা পূজা চাবলৈ বুলি ওলাই গৈছিল ৷ কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকলৰ ৷ উল্লেখ্য যে, বহুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে এনেদৰে উপদ্ৰৱ চলাই আহিছে । ৰাইজে বন বিভাগক অৱগত কৰিছে যদিও বিভাগটোৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি গাঁওবাসীয়ে পোৱা নাই বুলি উল্লেখ কৰিছে ৷ এতিয়া ৰাইজে অঞ্চলটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : Elephant menace: হোষ্টেলৰ পৰা ঘৰলৈ বুলি অহা জীয়েকে লগ নাপালে আইক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.