Elephant menace: হোষ্টেলৰ পৰা ঘৰলৈ বুলি অহা জীয়েকে লগ নাপালে আইক

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:55 AM IST

thumbnail

গোৱালপাৰা, 17 অক্টোবৰ : গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । পুনৰ হাতীৰ আক্ৰমণত নিহত হ’ল এগৰাকী মহিলা । নিহত মহিলা গৰাকী গোৱালপাৰা চহৰৰ কল্পনা নগৰৰ মেহবুবা আহমেদ বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি, হাতীৰ আক্ৰমণত নিহত মহিলা গৰাকীৰ কন্যা যোৰহাটৰ পৰা নৈশ বাছেৰে গোৱালপাৰালৈ আহি আছিল । নিজ কন্যাক আনিবলৈ পুৱা ৫.৩০ বজাত শলমাৰীস্থিত কল্যাণপুৰ বাছ আস্থানলৈ গৈছিল মহিলাগৰাকী । কন্যাৰ অপেক্ষাত ৰৈ আছিল মাক । বাছখন আহি পোৱাত পলম হোৱাত মহিলাগৰাকীয়ে ৰাস্তাৰ কাষতে খোজকাঢ়ি আছিল । খোজকাঢ়ি থাকোতেই হঠাৎ বনৰীয়া হাতী এটাই জংঘলৰ পৰা ওলাই আহি অতৰ্কিতে শুঁৰেৰে মেৰিয়াই ধৰি চোঁচৰাই ভৰিৰে গচকি হত্যা কৰে মহিলাগৰাকীক । লগে লগে ঘটনাস্থলীত এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় ।

স্থানীয় ৰাইজে বনবিভাগৰ লোকক খবৰ দিয়াত বনবিভাগৰ লোক আৰু আগিয়া থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, মেহবুবা আহমেদ গোৱালপাৰা জিলাৰ দদান জিলা পৰিষদৰ প্ৰাক্তন সদস্যাও আছিল ।

লগতে পঢ়ক : Wild elephant attack:বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ, আহত শিশু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.