Protest in Cachal: প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল

By

Published : Apr 21, 2023, 7:47 PM IST

thumbnail

গুৱাহাটী,২১ এপ্ৰিল: শনিবাৰে মহানগৰীৰ চচলত নিখিল ভাৰত ছাত্ৰ সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ উদ্য়োগত চৰকাৰৰ বিৰুদ্ধে হাল্লাবোল কাৰ্যসূচী ৰূপায়ন কৰে (Protests with different demands in Cachal) । সন্থাই কেইবাদফীয়া দাবীৰ লগতে শিক্ষা, নিবনুৱা সংস্থাপন আদিৰ দাবীত হাল্লাবোল কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে জ্যোতিপ্ৰসাদ আগৰৱালা, বি আৰ আম্বেদকাৰ, ভগৎ সিং, কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা আদি কেবাজনো ব্যক্তিৰ প্ৰতিচ্ছবি সন্মুখত লৈ সাব্যস্ত কৰে প্ৰতিবাদ (Protest in Cachal) ।  

প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । প্ৰতিবাদী কার্যসূচীত সহযোগ কৰে SFI আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২২ বাতিল কৰা (Demand for repeal of National Education Policy-2022), স্কুল আৰু মহাবিদ্যালয়সমূহক একত্ৰীকৰণ কৰাৰ নামত স্কুল বন্ধ কৰা, প্ৰশ্ন কৰাৰ অধিকাৰ খৰ্ব কৰা নচলিব, ইত্যাদি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদীসকলে । চৰকাৰে আগন্তক দিনত তেওঁলোকৰ দাবীসমূহ মানি নল'লে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । 

লগতে পঢ়ক: Dayal Das Panika Swajiyojan Achoni: কংগ্ৰেছৰ দিনতহে হৈছিল দুৰ্নীতি; এতিয়া হোৱা নাই ! কোনে ক’লে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.