ETV Bharat / bharat

সাংসদ স্বাতী মালিৱালৰ সমৰ্থনত স্পষ্ট স্থিতি নিৰ্ভয়াৰ মাতৃৰ - Swati Maliwal Assualt Case

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 12:47 PM IST

Nirbhaya Mother on Swati maliwal : আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ সৈতে হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্থিতি স্পষ্ট নিৰ্ভয়াৰ মাতৃৰ ৷ নিৰ্ভয়াৰ মাতৃয়ে সাংসদগৰাকীৰ সমৰ্থনত থিয় হৈছে ৷ এই সন্দৰ্ভত তেওঁ প্ৰস্তুত কৰিছে এক বিশেষ ভিডিঅ’ ৷

SWATI MALIWAL ASSUALT CASE
স্পষ্ট স্থিতি নিৰ্ভয়াৰ মাতৃৰ (Source : স্বাতী মালিৱালৰ এক্স পোষ্ট)

নেশ্যনেল ডেস্ক, 23 মে’: ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱাললৈ মুকলি সমৰ্থন নিৰ্ভয়াৰ মাতৃৰ ৷ নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে আম আদমী পাৰ্টিৰ সাংসদগৰাকীৰ সমৰ্থনত প্ৰকাশ কৰিছে এক বিশেষ ভিডিঅ’ ৷ য’ত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিষয়ে কৈ থকা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ আশা দেৱী সাংসদগৰাকীৰ হকে উচিত ন্যায়ৰ দাবী কৰিছে ৷

নিৰ্ভয়াৰ মাতৃয়ে ভিডিঅ’টোত প্ৰকাশ কৰা অনুসৰি, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ কিয়নো স্বাতী মালিৱালে বহু বছৰ ধৰি মহিলাসকলৰ ন্যায়ৰ বাবে যুঁজ দি আহিছে ।

লগতে পঢ়ক: বিভৱ কুমাৰৰ ওলোটা খৰ, স্বাতী মালিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Swati Maliwal Assault Case

মুখ্যমন্ত্ৰী কেজৰিৱালে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা উচিত । কাৰণ, সমগ্ৰ ৰাইজে তেওঁৰ ওপৰত বিশ্বাস ৰাখে । অৰবিন্দ কেজৰিৱালে স্বাতী মালিৱালক সমৰ্থন কৰা উচিত বুলি নিৰ্ভয়াৰ মাতৃয়ে ভিডিঅ’টোত প্ৰকাশ কৰে ।

তদুপৰি তেওঁ লগতে কয় যে, যিহেতু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজকে দিল্লীৰ পুত্ৰ, দিল্লীৰ ভাতৃ বুলি কয়, সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া ভাতৃ, পুত্ৰ হোৱাৰ দায়িত্ব পালন কৰা উচিত । আশা দেৱীয়ে কেজৰিৱালক উচিত ব্যৱস্থা গ্ৰহণেৰে দোষীক শাস্তি প্ৰদান কৰি ভূক্তভোগীক ন্যায় দিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: ৰাজনৈতিক হিটমেনে নিজকে বচাবলৈ চেষ্টা কৰিছে : স্বাতী মালিৱাল - Swati Maliwal Assault Case

একে সময়তে সাংসদ মালিৱালে নিৰ্ভয়াৰ মাতৃৰ এই ভিডিঅ'টো সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰি লিখিছিল যে "নিৰ্ভয়াৰ মাতৃয়ে দেশত ন্যায়ৰ বাবে দীঘলীয়া যুঁজ দিছে । আনকি যেতিয়া মই শিশু ধৰ্ষণকাৰীসকলক শাস্তি দিবলৈ উপবাস কৰি আছিলো, তেওঁলোকে মোক সমৰ্থন কৰিছিল । আজি তেওঁ মোৰ সমৰ্থনত এই ভিডিঅ'টো তৈয়াৰ কৰিছে ৷ অৱশ্যে তেতিয়া অতি আৱেগিক আছিলো ৷ পিছে এতিয়া একাংশ নেতাই মোক সমৰ্থন কৰিবলৈ বিজেপি এজেণ্ট আখ্যা দিয়াটোও কোনো ডাঙৰ কথা নহয়" ।

লগতে পঢ়ক: আৰক্ষীয়ে ৰচিছে কাহিনী; আপক কলংকিত কৰিবলৈ বিজেপিৰ কথা মতে কাম কৰিছে স্বাতী মালিৱালে: আপৰ অভিযোগ - SWATI MALIWAL ASSAULT CASE

উল্লেখ্য যে, ইতিমধ্যে এই গোচৰৰ অনুসন্ধানৰ স্বাৰ্থত দিল্লী আৰক্ষীয়ে গঠন কৰিছে বিশেষ অনুসন্ধানকাৰী দল বা SIT ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পিতৃ-মাতৃক দিল্লী আৰক্ষীয়ে সোধা-পোছা কৰাৰ সম্ভাৱনা আছে ।

দিল্লী আৰক্ষীয়ে কেজৰিৱালৰ পিতৃ-মাতৃ আৰু পত্নীক প্ৰশ্ন কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে । বিগত ১৩ মে'ত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰৰ বিৰুদ্ধে দিল্লীস্থ মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ যোৱাৰ সময়তে দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক: SIT এ উদঘাটন কৰিব স্বাতী মালিৱাল গোচৰৰ প্ৰকৃত সত্য - SWATI MALIWAL ASSAULT CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.