ETV Bharat / state

নিঃশেষ হোৱাৰ দিশে আহোম যুগৰ ঐতিহাসিক সমল ! - Ahom Era monuments

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 12:45 PM IST

Ahom Era monuments: ঐতিহাসিক সমলেৰে সমৃদ্ধ যোৰহাট জিলা । কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে আজি বহু কীৰ্তি চিহ্ন আৰু সম্পদ নিঃশেষ হ'বলৈ আৰম্ভ কৰিছে । তাৰ ভিতৰত অন্যতম চিন্তামণিগড় আৰু গম্বুজ ।

Ahom Era monuments
নিঃশেষ হোৱাৰ দিশে আহোম যুগৰ ঐতিহাসিক সমল (ETV Bharat)

নিঃশেষ হোৱাৰ দিশে আহোম যুগৰ ঐতিহাসিক সমল (ETV Bharat)

টীয়ক,২৩ মে': ইতিহাসৰ গাত ভেজা দি এটা জাতি আগবাঢ়ি যায় ৷ সেই ইতিহাস উঠি অহা প্ৰজন্মৰ ওচৰলৈ শুদ্ধ ৰূপত লৈ যোৱাত বিভিন্ন স্থানত থকা ঐতিহাসিক সমলবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিন্তু সেই ঐতিহাসিক সমলবোৰে যদি সংকটত পৰে তেনেহ'লে এটা জাতিৰ ভৱিষ্যৎ কি হ'ব ? লক্ষণীয়ভাৱে ঐতিহাসিক সমলবোৰ উদ্ধাৰ কৰি সেইবোৰ সংৰক্ষণ কৰাৰ দায়িত্ব চৰকাৰ তথা চৰকাৰৰ পুৰাতত্ব বিভাগৰ ।

অৱশ্যে এই বিয়োগম বিভাগটোৰ অৱহেলা আৰু অদূৰদৰ্শী প্ৰচেষ্টাৰ বাবে আজি বহু সমল ধ্বংস হৈছে আৰু একাংশ ধ্বংসৰ ফালে গতি কৰিছে । তাৰ অন্যতম উদাহৰণ হৈছে টীয়কৰ ঐতিহাসিক চিন্তামণিগড় আৰু তাত থকা ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ নেতৃত্বত স্থাপন হোৱা এটা সুউচ্চ গম্বুজ । যি গম্বুজে আহোম ৰাজত্বৰ স্বৰ্ণিল যাত্ৰাক সোঁৱৰাই দিয়ে, সেইটোৱে আজি অস্তিত্বৰ সংকটত পৰিছে ।

বুৰঞ্জী তথা জনশ্ৰুতিমতে এই ধৰণৰ গম্বুজসমূহে সেইসময়ত ৰাজ্যখনক সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । শত্ৰু আগমনৰ ইংগিত পোৱাৰ লগে লগে এই গম্বুজৰ তলত জুই লগাই দিয়া হৈছিল আৰু গম্বুজেৰে ওলাই যোৱা ধোঁৱা দেখিয়ে সম্ভাব্য বিপদ বা শত্ৰুৰ আগমনৰ উমান পাইছিল । ধোঁৱা দেখিলে শত্ৰুৰ আগমনৰ কথা সেই সময়ৰ আহোম ৰাজধানী ৰংপুৰত গম পাইছিল । কিন্তু এইসমূহ ঐতিহাসিক সমল আজি সংৰক্ষণৰ অভাৱত নিঃশেষ হোৱাৰ উপক্ৰম হৈছে ৷

আনহাতে ঐতিহাসিক চিন্তামণিগড়ৰ প্ৰতিও ভাবুকি আহিছে । ৰাজ্যৰ সুৰক্ষাৰ অন্যতম প্ৰাচীৰ হিচাপে চিহ্নিত এই গড় আজি দুষ্কৃতিকাৰীৰ বেদখলৰ কৱলত পৰিছে । কোনো কোনো অঞ্চলত আকৌ এই গড় খহি ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে । এই ক্ষেত্ৰত শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ঐতিহ্য বহনকাৰী এই সম্পদসমূহ নিঃশেষ হৈ যোৱাটো নিশ্চিত হৈ পৰিছে । সেয়েহে টীয়কৰ একাংশ সচেতন লোকে এই গম্বুজটোক সংৰক্ষণ কৰাৰ লগতে চিন্তামণিগড়ৰ অবৈধ বেদখল বন্ধ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :কাজিৰঙাৰ পদপথত শান্ত সমাহিত দুটা এশিঙীয়া; স্বচক্ষে প্ৰত্যক্ষ কৰি আনন্দিত বহিঃৰাজ্যৰ পৰ্যটক - Tourist In Kaziranga
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.