ETV Bharat / state

Dayal Das Panika Swajiyojan Achoni: কংগ্ৰেছৰ দিনতহে হৈছিল দুৰ্নীতি; এতিয়া হোৱা নাই ! কোনে ক’লে ?

author img

By

Published : Apr 21, 2023, 6:18 PM IST

যোৰহাট জিলাৰ মৰিয়নীত শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁ‌চনি ৰূপায়ণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে হিতাধিকাৰীয়ে ৷ ইয়াৰ পিচতেই এই অভিযোগ নস্যাৎ কৰি মন্তব্য প্ৰদান কৰিলে অধ্যক্ষ দুলেন নায়কে (Chairman Dulen Nayak on Swajiyojan Scam)৷

chairman-dulen-nayak-on-swahid-dayal-das-panika-swajiyojan-scam-allegation
প্ৰতিবাদৰ পিচতেই মুখ খুলিলে অধ্যক্ষ দুলেন নায়কে

মুখ খুলিলে অধ্যক্ষ দুলেন নায়কে

যোৰহাট, 21 এপ্ৰিল : "শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়ণত তিল মাত্ৰও দুৰ্নীতি হোৱাৰ সম্ভাৱনাও নাই ৷ আমি ইয়াৰ বিজ্ঞাপন দিওঁ, আমি ইয়াৰ বাবে বিশেষ চৰ্তাৱলী আৰু অৱস্থা নিৰ্ধাৰিত কৰি দিছো ৷ আমি চাহ জনগোষ্ঠীৰ লোকসকলৰ জাতিগত প্ৰমাণপত্ৰ চাঁও ৷ জাতিগত প্ৰমাণপত্ৰ প্ৰদান নকৰিলে অনলাইন প্ৰক্ৰিয়াতে আবোদন গ্ৰহণ কৰা নহ’ব ৷ এই আঁচনি লাভ কৰিবলৈ 5 লাখতকৈ অধিক উপাৰ্জন হ’ব নালাগিব ৷ হিতাধিকাৰীৰ ভূমি 10 বিঘাতকৈ অধিক থাকিব নোৱাৰিব ৷ আবেদন প্ৰক্ৰিয়াত কোনো অধ্যক্ষ অথবা কোনো লোকৰ হাত নাথাকে ৷ যদি সকলো শিতানত তেওঁৰ হিতাধিকাৰীৰ তথ্য পাতি মিল নহয় তেনেহ’লে অনলাইন প্ৰক্ৰিয়াতে আবেদন খাৰিজ হ’ব ৷ দুৰ্নীতি অফলাইনত হয়, অনলাইন প্ৰক্ৰিয়াত নহয় ৷" শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁ‌চনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতে শুকুৰবাৰে এই মন্তব্য প্ৰদান কৰিলে অধ্যক্ষ দুলেন নায়কে (Chairman Dulen Nayak on Swajiyojan Scam)৷

দুলেন নায়কে লগতে কয় যে, এই আঁচনিত কংগ্ৰেছৰ দিনতেই দুনীতি সংঘটিত হৈছিল, মই ২০১৭ চন পৰাই অধ্যক্ষ দায়িত্ব আছো ৷ ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। চাহ জনগোষ্ঠীয় জাতিগত প্ৰমাণ পত্ৰ লৈ যোৰহাট জিলাত খেলি-মেলি হোৱা নাই, অন্য জিলাতহে হৈছে ৷ ইতিমধ্যে এই আঁচনিৰ জৰিয়তে ৭,৯৪০ যোগ্য হিতাধিকাৰীৰ প্ৰাথী লাভবান হৈছে (Swahid Dayal Das Panika Swajiyojan Achoni)।

বৃহস্পতিবাৰে আদিবাসী ছাত্ৰ সন্থা মৰিয়নী শাখাৰ উদ্যোগত শতাধিক বঞ্চিত হিতাধিকাৰী আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন পৰিষদৰ তিতাবৰ মহকুমাৰ অধ্যক্ষ দুলেন নায়কৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতেই শুকুৰবাৰে মুখ খুলিলে অধ্যক্ষ দুলেন নায়কে (Deprived beneficiaries protest in Mariani) ৷

উল্লেখ্য যে, অসম চৰকাৰে চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰিছিল (Swahid Dayal Das Panika Swajiyojan Achoni)। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীক ২৫,০০০ কৈ টকা দিয়া হয় (beneficiaries protest in Mariani) । কিন্তু মৰিয়নী সমষ্টিত এই আঁচনি ৰূপায়নৰ নামত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে (Swahid Dayal Das Panika Swajiyojan Scam )।

হিতাধিকাৰী বাচনিৰ নামত ২০০০ টকাকৈ আগধন বিচৰাৰ লগতে এই কেলেংকাৰীত একাংশ বিজেপি নেতা কৰ্মীৰ নাম সাঙোৰ খাইছে (Corruption in Swahid Dayal Das Panika Swajiyojan) ৷ ইফালে ধন নিদিয়াৰ বাবেই যোগ্য হৈয়ো আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম সন্নিবিষ্ট নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত হোৱা হিতাধিকাৰীয়ে (Swahid Dayal Das Panika Swajiyojan Scam allegation)।

লগতে পঢ়ক: Swahid Dayal Das Panika Swajiyojan achoni: মৰিয়নীত বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ

এই দুৰ্নীতিৰ সন্দৰ্ভত হিতাধিকাৰীসকলে অধ্যক্ষ দুলেন নায়কক অৱগত কৰোৱাৰ পিচতো কোনো গুৰুত্ব দিয়া নাছিল বুলি ক্ষুব্ধ হিতাধিকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Swahid Dayal Das Panika Swajiyojan Scam allegation) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.