ETV Bharat / business

আপোনাৰ সোণখিনি কিমান বিশুদ্ধ; কেনেকৈ পৰীক্ষা কৰিব হ’লমাৰ্ক - Hallmark Gold

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 12:51 PM IST

Purity of hallmark gold : সোণৰ হ’লমাৰ্কৰ বিষয়ে আপুনি জ্ঞাত হয়নে ? হ’লমাৰ্কৰ জৰিয়তে আপুনি কেনেকৈ সোণৰ বিশুদ্ধতা চিনাক্ত কৰিব ? এই সন্দৰ্ভত স্বৰ্ণ শিল্পী সমিতিৰ কামৰূপ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আজিজ শ্বেখ আৰু গুৱাহাটীৰ লাখটকীয়াৰ গণেশ হলমাৰ্কিং চেন্টাৰ কোৱালিটি মেনেজাৰ মনোজ কুমাৰ শৰ্মাৰ সৈতে এক সাক্ষাৎকাৰ ।

How To Check Hallmark On Gold Jewelry
সোণৰ হ’লমাৰ্কৰ বিষয়ে আপুনি জ্ঞাত হয়নে ? (Getty Images)

সোণৰ হ’লমাৰ্কৰ বিষয়ে আপুনি জ্ঞাত হয়নে ? (ETV Bharat Assam)

গুৱাহাটী, ২৩ মে’ : সোণ বাৰু কাৰ প্ৰিয় নহয় ৷ সোণৰ প্ৰতি ভাৰতীয় মানুহৰ পূৰ্বৰে পৰা আকৰ্ষণ আছে । বিশেষকৈ সোণৰ প্ৰতি মহিলাৰ আছে বেছি দুৰ্বলতা ৷ নিজৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মহিলাসকলে সোণৰ আ-অলংকাৰ পৰিধান কৰা দেখা যায় ৷ অৱশ্যে এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় পুৰুষো ৷

আমাৰ সকলোৰে সোণ-ৰূপ সন্দৰ্ভত সামান্য পৰিমাণে হ’লেও আছে কিছু সম্যক জ্ঞান ৷ উৎসৱৰ বতৰত সোণৰ গহনাৰ চাহিদা অত্যধিক হয় । সোণৰ আ-অলংকাৰ কেৱল গহনা হিচাপে ব্যৱহাৰ কৰাই নহয়, বৰঞ্চ ইয়াক সঞ্চয় তথা সম্পদ হিচাপেও ব্যৱহাৰ কৰা হয় । সেয়ে সোণ ক্ৰয় কৰিবলৈ যাওঁতে আপুনি নিশ্চয় সকলো বস্তু তন্নতন্নকৈ পৰীক্ষা কৰিব ৷

আপুনি জানেনে বাৰু কেনেকৈ সোণৰ বিশুদ্ধতা পৰীক্ষা কৰা হয় ? এই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল -

  • হ’লমাৰ্ক কি (Hallmark Gold) ?

হ’লমাৰ্ক কি আপুনি জানেনে ? হ’লমাৰ্কৰ জৰিয়তে আপুনি কেনেকৈ বিশুদ্ধ সোণ চিনাক্ত কৰিব এই বিষয়ে কিছু কথা জনালে স্বৰ্ণ শিল্পী সমিতিৰ কামৰূপ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আজিজ শ্বেখে ৷

তেওঁ কয়, ‘‘হ’লমাৰ্কৰ জৰিয়তে আপুনি সোণৰ বিশুদ্ধতা জানিব পাৰিব । যি কোনো সোণৰ গহণা ক্ৰয় কৰিবলৈ যাওঁতে আপুনি হ’লমাৰ্ক আছে নে নাই চাব । প্ৰতিবিধ সোণৰ গহনাত হ’লমাৰ্ক চিহ্ন থাকে । তাৰে কাষতে এটা সংখ্যাও থাকে ৷’’

‘‘হ’লমাৰ্ক চিহ্নৰ কাষত ২২ কেৰেটৰ সোণত ৯১৬ নম্বৰ আৰু ১৮ কেৰেটৰ সোণত ৭৫০ নম্বৰ লিখা থাকে । তাৰ ওচৰতে ৬ টকা সংখ্যাৰ এটা কোড থাকে । সেই কোডটো BIS ৰ ৱেবচাইটত মাৰি দিলে আপোনাৰ সোণৰ গহণা কেতিয়া বনোৱা হৈছিল, কোন স্বৰ্ণ শিল্পীৰ প্ৰতিষ্ঠানত বনাইছিল আৰু কিমান সোণ আছে সকলো তথ্য জানিব পাৰিব ।’’ তেওঁ কয় ৷

‘‘হ’লমাৰ্কে সোণৰ বিশুদ্ধতা জনাত অতি সহজ কৰি দিছে । পূৰ্বতে বিশুদ্ধ সোণ চিনাক্ত কৰিবলৈ সহজ নাছিল । সেয়ে সকলো গ্ৰাহককে হ’লমাৰ্কযুক্ত সোণ ক্ৰয় কৰিব লাগে ৷’’ ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত এই মত ব্যক্ত কৰে স্বৰ্ণ শিল্পী সমিতিৰ কামৰূপ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আজিজ শ্বেখে ৷

  • সোণৰ অলংকাৰত হ’লমাৰ্ক চিহ্ন কোনে দিয়ে ?

গুৱাহাটীত BIS ৰ স্বীকৃতি প্ৰাপ্ত দুটাকৈ হ’লমাৰ্ক চেন্টাৰ আছে । স্বৰ্ণ শিল্পীসকলে তৈয়াৰ কৰা অলংকাৰবোৰ হ’লমাৰ্ক চেন্টাৰলৈ হ’লমাৰ্ক চিহ্ন দিবৰ বাবে প্ৰেৰণ কৰা হয় । এই হ’লমাৰ্ক চেন্টাৰে নিৰ্দিষ্ট সোণৰ অলংকাৰ কেইপদ বিশুদ্ধ হয় নে নহয় সেই সন্দৰ্ভত পৰীক্ষাগাৰত পৰীক্ষা কৰি সোণৰ অলংকাৰৰ বিশুদ্ধতা নিৰূপণ কৰে ।

সোণৰ অলংকাৰবোৰ যদি বিশুদ্ধ হয় তেতিয়া হ’লমাৰ্ক চিহ্ন আৰু কোড সংযুক্ত কৰি দিয়ে । বিশুদ্ধ সোণ নাপালে পুনৰ অলংকাৰখিনি স্বৰ্ণ শিল্পীলৈ ঘূৰাই পঠিয়াই দিয়া হয় ৷ হ’লমাৰ্ক চিহ্ন আৰু কোড সন্দৰ্ভত এই কথা জনালে গুৱাহাটীৰ লাখটকীয়াৰ গণেশ হলমাৰ্কিং চেন্টাৰ কোৱালিটি মেনেজাৰ মনোজ কুমাৰ শৰ্মাই ।

লগতে পঢ়ক : এতিয়া আপুনি ১ টকাতো ক্ৰয় কৰিব পাৰিব সোণ; জানক কেনেকৈ সম্ভৱ এয়া - Digital Gold Investment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.