Anti drugs mission in Dibrugarh: আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া মনিৰুউদ্দিন আহমেদ ওৰফে কাঞ্চা

By

Published : Jul 19, 2023, 2:31 PM IST

thumbnail

ডিব্ৰুগড়, 19 জুলাই: ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছ সেৱন কমি যোৱা নাই ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া মনিৰুউদ্দিন আহমেদ ওৰফে কাঞ্চা ৷

ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ গোপন ব্যৱসায় চলাই থকা কাঞ্চা নিশা আৰক্ষীৰ জালত পৰিছে ৷ ডিব্ৰুগড়ৰ চাউলখোৱা ঘৰবন্দী চুকৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মনিৰুউদ্দিন আহমেদ ওৰফে কাঞ্চাক গ্ৰেপ্তাৰ কৰে গাভৰু পথাৰ থানাৰ আৰক্ষীয়ে ৷  

নিশা গোপন সূত্ৰ পমখেদি গাভৰু পথাৰ আৰক্ষীয়ে চাউলখোৱাৰ পৰা আটক কৰে ড্ৰাগছ সৰবাহকাৰীটোক ৷ কুখ্যাত ড্ৰাগছ মাফিয়া কাঞ্চাক আটক কৰা পাছতেই নিশাই চাউলখোৱা ঘৰবন্দী চুকৰ গৃহত অভিযান চলাই আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ মনিৰুউদ্দিন আহমেদ ওৰফে কাঞ্চাই বহু দিনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ 

লগতে পঢ়ক : Illegal activities in hotel : 500 টকাৰ বিনিময়ত কোঠা ভাৰালৈ দিয়ে হোটেলৰ স্বত্বাধিকাৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.