ভেৰগাঁৱত বন্যহস্তীৰ আক্ৰমণত এজনে হেৰুৱালে প্ৰাণ - Man Elephant Conflict In Udalguri

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:37 PM IST

thumbnail
ঔৰাংগাজুলি চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণ (ETV BHARAT ASSAM)

ওদালগুৰি, ২৫ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ ৰাইজে একো উৱাদিহ নোপোৱা হৈছে ৷ ইয়াৰ মাজতেই শনিবাৰে ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ ঔৰাংগাজুলি চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত এজন লোকে হেৰুৱালে প্ৰাণ ।

ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ঔৰাংগাজুলি চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত লোকজনৰ নাম বাগি ওৰাং (৫৩) ৷ শনিবাৰে পুৱা ঘৰৰ পৰা চাহ বাগিচাৰ লাইনৰ ফালে গৈ থকা অৱস্থাতেই বন্যহস্তীয়ে আক্ৰমণ কৰাত লোকজনৰ থিতাতে মৃত্য়ু হয় ৷ উল্লেখ্য় যে এই অঞ্চলটোত হাতীৰ উপদ্ৰৱৰ বাবে ৰাইজে শংকাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে । সেয়েহে স্থানীয় ৰাইজে এই অঞ্চলটোত হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ কৰিবলৈ বন বিভাগক দাবী জনাইছে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.