ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত আহত এজন - Man Elephant Conflict in Golaghat

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 4:37 PM IST

Wild Elephant Terror: পুনৰ হাতীৰ গচকত আহত হ’ল গোলাঘাটৰ এজন লোক ৷ বন্যহস্তীৰ জাকে দীৰ্ঘদিনধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে নুমলীগড়ত ৷ স্থায়ী সমাধানৰ দিশত বিফল বন বিভাগ ৷

MAN ELEPHANT CONFLICT IN GOLAGHAT
বন্যহস্তীয়ে টোপনি হৰিছে নুমলীগড়বাসীৰ (ETV Bharat Assam)

বন্যহস্তীয়ে টোপনি হৰিছে নুমলীগড়বাসীৰ (ETV Bharat Assam)

গোলাঘাট, 16 মে’: গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । এইবাৰ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় পথত বন্যহস্তীয়ে অতৰ্কিতে আক্ৰমণ কৰে প্ৰবীণ তাঁতী নামৰ এজন লোকক । লোকজন কিছু পৰিমাণে মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে ।

হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোকজন । ঘটনাস্থলীত নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক উদ্ধাৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আহত হোৱা লোকজন বৰ্তমান কিছু পৰিমাণে সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে বন্যহস্তীৰ জাকে । তাৰ পিচতে দিনে-নিশাই অব্যাহত ৰাখে ত্ৰাস । জনাঞ্চলত প্ৰৱেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ ৷ ইয়াৰ উপৰিও বিভিন্ন সময়ত এই বন্যহস্তীৰ আক্ৰমণত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে ।

বিশেষকৈ জিলাখনৰ নুমলীগড়, বৃহত্তৰ মৰঙী মৌজাৰ থুৰামুখ, তেল গৰম, পংকা, দৈগ্ৰোং, ধলাগুৰি, পোৰাবাংলা, চিনাতলী, শাওতলি, আৱৰঘাট, ৰঙাজান, চিনাতলী, আধাৰ সত্ৰ, জামুগুৰি, ওৱাটিং, গাড়ীগাঁও, আঠগাঁও, আইটননিয়া মিৰি গাঁও আদিকে ধৰি বিভিন্ন প্ৰান্তত বন্যহস্তীৰ জাকে দিনে নিশাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগৰ বৰ্তমানলৈকে কোনোধৰণৰ বাস্তৱ প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।

স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিক এই হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও গুৰুত্ব প্ৰদান কৰা দেখা নাই ।

লগতে পঢ়ক: গাঁৱত সোমাল প্ৰকাণ্ড হাতী; ৰাইজৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.