ETV Bharat / state

Illegal activities in hotel : 500 টকাৰ বিনিময়ত কোঠা ভাৰালৈ দিয়ে হোটেলৰ স্বত্বাধিকাৰীয়ে

author img

By

Published : Jul 19, 2023, 1:59 PM IST

বৰপেটাৰ এখন হোটেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ 500 টকাৰ বিনিময়ত কোঠা ভাৰালৈ দিয়াৰ কথা নিজ মুখে স্বীকাৰ কৰে হোটেলৰ স্বত্বাধিকাৰীয়ে । হোটেলখন বন্ধ কৰাৰ দাবী স্থানীয় লোকে ৷

Anti social activities in a hotel of Barpeta
500 টকাৰ বিনিময়ত কোঠা ভাৰালৈ দিয়ে হোটেলৰ স্বত্বাধিকাৰীয়ে

500 টকাৰ বিনিময়ত কোঠা ভাৰালৈ দিয়ে হোটেলৰ স্বত্বাধিকাৰীয়ে

বৰপেটা, 19 জুলাই : বৰপেটা জিলাৰ শওপুৰ (কৰাৰকুৰ) বজাৰৰ ৰুজিনা হোটেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্থানীয় লোকৰ ৷ হোটেলখনত সঘনাই অনৈতিক কাৰ্যকলাপ চলি অহাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ । কিঞ্চিত ধনৰ বিনিময়ত ৰুজিনা হোটেলৰ স্বত্বাধিকাৰী আব্দুৰ ৰহমান আৰু তেওঁৰ পত্নীয়ে দীৰ্ঘদিন ধৰি ৰুজিনা হোটেলত নাৰী দেহৰ ব্যৱসায় চলায় অহাৰ গুৰুতৰ অভিযোগ ।

ৰাইজে অভিযোগ কৰা মতে, কৰাৰকুম বজাৰত থকা 2 নং ৰাজ্যিক ঘাইপথৰ দাঁতিত অৱস্থিত ৰুজিনা হোটেলত স্বত্বাধিকাৰীয়ে দীৰ্ঘদিনৰ পৰাই অনৈতিকভাৱে চলায় আহিছে নাৰী দেহৰ ব্যৱসায় । কিন্তু এহাল যুৱক-যুৱতী হোটেলখনলৈ অহাৰ পিছতেই সন্দেহ ওপজাত স্থানীয় ৰাইজে হোটেলখনত অভিযান চলোৱাত এহাল যুৱক-যুৱতীক হাটে-লোটে ধৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে ৷ ইয়াৰ পিছতে হোটেলখনৰ স্বত্বাধিকাৰী আব্দুৰ ৰহমান পলায়ন কৰে যদিও পলায়ন কৰিবলৈ সক্ষম নহ’ল ৷ স্থানীয় লোকে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱক-যুৱতীহালৰ লগতে হোটেলখনৰ মালিকক আটক কৰি লৈ যায় বুলি জানিবলৈ পৰা গৈছে । আনফালে, হোটেলখনৰ স্বত্বাধিকাৰী আব্দুৰ ৰহমানৰ পত্নীয়ে 500 টকাৰ বিনিময়ত হোটেলৰ কোঠা ভাৰাত দিয়াৰ কথা নিজ মুখে স্বীকাৰ কৰে সংবাদ মাধ্যমৰ আগত । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এনে ঘটনাৰ সৈতে ৰুজিনা হোটেলৰ নাম সাঙোৰ খাইছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ ঘটনা সন্দৰ্ভত সামাজিক মেল বহাৰ পিচত দ্বিতীয়বাৰ এনে ঘটনা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল হোটেলৰ স্বত্বাধিকাৰীয়ে ।

ঘটনাৰ পুনৰাবৃত্তি হোৱাত ৰুজিনা হোটেলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে হোটেলখন বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : Majuli nimati ferry service : দৰমহা মোকলাই নিদিয়াৰ বাবেই অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী জাহাজ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.