Majuli nimati ferry service : দৰমহা মোকলাই নিদিয়াৰ বাবেই অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী জাহাজ সেৱা

By

Published : Jul 19, 2023, 12:29 PM IST

thumbnail

মাজুলী, 19 জুলাই : বুধবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ হ’ল মাজুলী নিমাতীৰ মাজত জাহাজ চলাচল ৷ 8 মাহে দৰমহা নোপোৱাৰ বাবেই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে জাহাজৰ কৰ্মচাৰীসকলে । কমলাবাৰী, অফলামুখৰ দুয়োটা ঘাটৰ পৰা নিমাতীৰ মাজত চলাচল কৰা ৰ'পেক্স আৰু অন্য সকলো জাহাজৰ কৰ্মচাৰীৰ প্ৰতিবাদ । ডলফি'ন কোম্পানীৰ অধীনত থকা কৰ্মচাৰীয়ে গ্ৰহণ কৰিছে এই প্ৰতিবাদ । 

জাহাজ কৰ্মচাৰীসকলে গ্ৰহণ কৰা প্ৰতিবাদৰ বাবে গুটীয়া ফেৰী সেৱা হে দুয়োটা ঘাটত চলাচল কৰিছে বুলি জানিবলৈ পৰা গৈছে । জাহাজবোৰ বন্ধ কৰাৰ লগে লগেই ঘাট পাৰ হ’বলৈ অহা যাত্ৰীসকল সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে । এই জাহাজবোৰ বন্ধ হোৱাৰ বাবে যাত্ৰীসকল পাৰাপাৰ হ’ব পৰাকৈ গুটীয়া ফেৰীসমূহৰ সময় আগবঢ়াই দিছে বুলি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফালৰ পৰা জানিবলৈ দিছে । 

ইফালে প্ৰতিবাদকাৰী জাহাজৰ কৰ্মচাৰীসকলে দৰমহা মোকলাই দিলেহে পুনৰ জাহাজৰ চলাচল আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Ferry stuck in Majuli : ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.