বঙাইগাঁৱৰ বীৰঝৰা কাণ্ডৰ লগত জড়িত আন দুই অভিযুক্তক আটক আৰক্ষীৰ - Brutal Incident In Bongaigaon

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:10 PM IST

thumbnail
বীৰঝৰা কাণ্ডৰ আন দুই অভিযুক্তক আটক (ETV BHARAT ASSAM)

বঙাইগাঁও, 25 মে’ : পঞ্চপুৰ বীৰঝৰা কাণ্ডৰ সৈতে জড়িত আন দুই অভিযুক্তক আটক বঙাইগাঁও আৰক্ষীৰ ৷ শুকুৰবাৰে নিশা বঙাইগাঁও আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত জিলাখনৰ কচুৱাগাঁও আৰু নুৱাগাঁৱত অভিযান চলাই লক্ষণ চৌধুৰী ( 25 ) আৰু তুলেন ৰায় (33) নামৰ দুটা অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷  

বিগত 17 মে’ত বঙাইগাঁও পঞ্চপুৰৰ বীৰঝৰা নিজৰাৰ সন্মুখত সংঘটিত হৈছিল এক পৈশাচিক নিৰ্যাতনৰ ঘটনা ৷ প্ৰেমিক যুগলক নগ্ন কৰি কেইটামান মানবৰূপী দানৱে চলাইছিল নিৰ্যাতন ৷ প্ৰেমিক যুগলক নগ্ন কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ দি সেই দৃশ্য ম’বাইলৰ কেমেৰাত বন্দী কৰি এই অভিযুক্তকেইটাই দাবী কৰিছিল ধন ৷ দাবী কৰা ধন দিব নোৱাৰিলে এই ভিডিঅ’ ভাইৰেল কৰাৰ ভয় দেখুৱাই প্ৰায় 5000 টকা লৈছিল সেই ভুক্তভোগী কিশোৰ-কিশোৰীৰ পৰা ৷ ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে দেওবাৰে এই ঘটনাৰ সৈতে জড়িত মুঠ পাঁচটা অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷ এই পাঁচটা অপৰাধীৰ স্বীকাৰক্তিৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে পুনৰ দুটা অভিযুক্তক আটক কৰে আজি ৷

লগতে পঢ়ক : দলবদ্ধ ধৰ্ষণ নহয়: বলপূৰ্বক নগ্ন ভিডিঅ’ প্ৰস্তুত কৰি আমোদ লৈছিল পাঁচ পাষণ্ডই - Brutal Incident In Bongaigaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.