পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচীৰে মৰিগাঁৱত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:04 PM IST

thumbnail

ধিং, 28 ডিচেম্বৰ : পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচীৰে এইবাৰ মৰিগাঁৱত উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী ৷ অসম চৰকাৰৰ পৰিবহন, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ ধিঙৰ পৰা মটৰ চাইকেলেৰে মৈৰাবাৰী লাহৰীঘাটত উপস্থিত হয় ৷

ধিঙৰ পৰা অনুষ্ঠিত হোৱা এই বাইক ৰেলীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলাত আয়োজিত এখন পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভাত অংশ লয় ৷ মটৰ চাইকেল ৰেলীত পৰিবহন বিভাগ, আৰক্ষী আৰু স্থানীয় ৰাইজেও সহযোগ কৰে ৷

লগতে পঢ়ক : অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মিশ্ৰিত ফলাফলৰ এটা বৰ্ষ ২০২৩

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.