গৌৰীপুৰত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত কেইবাটাও বাসগৃহ - Massive Fire In Dhubri

By ETV Bharat Assamese Team

Published : May 24, 2024, 2:04 PM IST

thumbnail
বিধংসী অগ্নিকাণ্ড (ETV BHARAT ASSAM)

ধুবুৰী, ২৪ মে’ : ধুবুৰী জিলাৰ গৌৰীপুৰ গৈবজাৰত যোৱা নিশা এক বিধংসী অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত ভস্মীভূত হয় ৭ টা পৰিয়ালৰ বাসগৃহ । ঘৰৰ ভিতৰত থকা ধান-চাউল, সোণৰ আ-অলংকাৰৰ লগতে নগদ ধনকে ধৰি প্ৰায় ৫০ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হোৱা বুলি কয় ভুক্তভোগী পৰিয়ালৰ সদস্য়সকলে । পিচত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় ।

গেছ চিলিণ্ডাৰ আৰু বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকশ কৰিছে স্থানীয় ৰাইজে । পিচত ঘটনাস্থলীত গৌৰীপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখে । ৭ টাকৈ পৰিয়ালৰ বাসগৃহ জুইত জাহ যোৱাত ভুক্তভোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । এই পৰিয়াল কেইটাই স্থানীয় বিধায়কক সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.