ETV Bharat / state

কটহগুৰিত ভয়াৱহ অগ্নিকাণ্ডত ১৫ টা বাসগৃহ ভস্মীভূত: অগ্নিদগ্ধ এক - Massive fire in morigaon

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 2:05 PM IST

Morigaon Fire : মৰিগাঁও জিলাৰ কটহগুৰিত ভয়াৱহ অগ্নিকাণ্ড । ৩০ মিনিট পলমকৈ ধিং আৰু বটদ্ৰৱাৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত । অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম নহ'ল । ইয়াকে লৈ ৰাইজৰ ক্ষোভ ।

Morigaon fire
ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

ধিং, ১৫ মে’: মৰিগাঁও জিলাৰ কটহগুৰিত যোৱা নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত জাহ গ'ল ২০টা বাসগৃহ । টুকটুকী কটহগুৰিত নিশা সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড । নিশা ২ বজাত প্ৰথমে এটা বাসগৃহত জুইৰ সুত্ৰপাত হয় । লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ৩০ মিনিট পলম কৈ ধিং আৰু বটদ্ৰৱাৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় । অৱশ্য়ে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম নহ'ল ।

ইপিনে,ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৰিগাঁও আৰু মৈৰাবাৰীৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও এঘন্টা পলম কৰি আৰু দুখন বাহন আহে । একেৰাহে দুঘন্টা জুই জ্বলাৰ পিছত চাৰিখন বাহনে জুই নুমুৱাবলৈ সক্ষম হয় । আনহতে, চৰকাৰী গাঁওবুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাঁও আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাত একাংশ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

এই অগ্নিকাণ্ডত আক্কাছ আলী নামৰ এজন লোক গুৰুতৰ বাবে আহত হোৱাত তেওঁক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত ৰমজান আলী,আজিবা খাতুন,শ্বমলা খাতুন,আক্কাছ আলী, নজৰুল ইছলাম,মুছতাফা আহমেদ, শ্বৰীফুল ইছলামকে আদি কৰি প্ৰায় ১৫ জন লোকৰ বাসগৃহ জুইত জাহ যায় । এই অগ্নিকাণ্ডত নগদ দুই লাখ ২০ হেজাৰ টকা,গৰু,ছাগলী,হাঁহ,কুঁকুৰা, আৰু গুৰুত্বপূৰ্ণ নতি-পত্ৰৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰো ভস্মীভূত হয় ।

লগতে পঢ়ক:আয়কৰ বিভাগৰ কাৰ্যালয়ত জুই; এজনৰ মৃত্যু - Fire At Delhi Income Tax Office

সাতগাঁৱত গেছৰ পাইপত লাগিল জুই - SATGOAN FIRE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.