ৰাজপথত চাৰিচকীয়া বাহন ৰখাই গৰাকী গৈছিল আঁতৰি; হঠাৎ জ্বলি গ’ল দাউ দাউকৈ - Burning Car In Jorhat

By ETV Bharat Assamese Team

Published : May 17, 2024, 9:54 PM IST

Updated : May 17, 2024, 10:45 PM IST

thumbnail
ৰাজপথতে দাউদাউ কৈ জ্বলি উঠিল চাৰিচকীয়া বাহন (ETV BHARAT ASSAM)

যোৰহাট, 17 মে’ : যোৰহাটত ৰাজপথতে দাউদাউ কৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন ৷ জানিব পৰা মতে যোৰহাটৰ ৰূপহী আলিত এগৰাকী ব্যক্তিয়ে মছজিদলৈ যাবৰ বাবে এই স্থানত As 03 X 4247 নম্বৰ হোণ্ডাই গাড়ীখন ৰখাই থৈ যায় ৷ কিন্তু হঠাৎ ৰখাই থোৱা স্থানতে হোণ্ডাই বাহনখন জ্বলি উঠে ৷ এখন ৰখাই থোৱা গাড়ী হঠাত জ্বলি যোৱাৰ খবৰে হঠাতে সেই অঞ্চলত এক হুৱাদুৱা পৰিৱশৰ সৃষ্টি কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত যোৰহাট অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাত কাষতে আন এখন গাড়ী কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে জুইত সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছে বাহনখন ৷ কি কাৰণত ৰাজপথত ৰখাই থোৱা অৱস্থাত বাহনখন জ্বলি উঠিল সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : অচিৰেই গেলা-পচা আৰু দুৰ্গন্ধময় নগৰীলৈ পৰিণত হ'ব যোৰহাট ! - Municipal Employees Protest

Last Updated : May 17, 2024, 10:45 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.