ETV Bharat / state

কাৰণ দৰ্শোৱাৰ জাননীৰো নিদিলে উত্তৰ : অৱশেষত নিলম্বিত শিক্ষকৰূপী ইউটিউবাৰ - Online Gambling application

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:04 PM IST

Updated : Jun 1, 2024, 10:48 PM IST

Assam Jet YouTuber suspended from teaching job: জুৱাৰ বিজ্ঞাপন দি অৱশেষত নিলম্বিত হ’ল শিক্ষকৰূপী ইউটিউবাৰ লাবুমণি আমছং ৷ শুকুৰবাৰে লাভ কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ প্ৰতি সঁহাৰি দিয়া নাছিল শিক্ষকগৰাকীয়ে ৷

Assam Jet YouTuber suspended from teaching job
অৱশেষত নিলম্বিত শিক্ষকৰূপী ইউটিউবাৰ (Photo: Social media)

মৰিগাঁও, 1 মে’ : শেহতীয়াকৈ ৰাজ্য চৰকাৰ তৎপৰ হৈছে জুৱাৰ বিৰুদ্ধে ৷ তৎপৰ হৈছে সামাজিক মাধ্যমযোগে অনলাইন জুৱাৰ বিজ্ঞাপন প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে ৷

Assam Jet YouTuber suspended from teaching job
শিক্ষক লাবুমণি আমছঙক নিলম্বন (ETV Bharat Assam)

ইউটিউব, ফেচবুকৰ জৰিয়তে অনলাইন জুৱাৰ বিজ্ঞাপন প্ৰচাৰ কৰি এইবাৰ শাস্তিৰ সন্মুখীন হ’ল এগৰাকী ইউটিউবাৰ তথা শিক্ষক ৷ মৰিগাঁৱৰ শিক্ষকৰূপী ইউটিউবাৰ লাবুমণি আমছঙক জুৱা খেলৰ বিজ্ঞাপন দিয়াৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ এদিনৰ পিচতে নিলম্বন কৰা হয় ৷ অসম চৰকাৰৰ সেৱাবিধি উলংঘনৰ অপৰাধত শিক্ষকগৰাকীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কৰা হৈছে নিলম্বন ৷

উল্লেখ্য যে Assam Jet নামৰ এটা ইউটিউব চেনেলৰ গৰাকী হ’ল শিক্ষক লাবুমণি ৷ একে নামৰে ফেচবুক পেইজ আৰু ইউটিউব চেনেলৰ জৰিয়তে অনলাইন জুৱাৰ এপ্ প্ৰচাৰ কৰা লাবুমণিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগে ৷ শুকুৰবাৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল বিভাগৰ ফালৰ পৰা ৷ কিন্তু সময় উকলি যোৱাৰ পিছতো শিক্ষকৰূপী ইউটিউবাৰ লাবুমণি আমছঙৰ গা নলৰাৰ ফলত শনিবাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ শিক্ষক পদৰ পৰা নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হয় ।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এটা জুৱাৰ এপৰ প্ৰচাৰ কৰি আহিছিল চৰকাৰী শিক্ষক লাবুমণি আমছঙে ৷ ইয়াৰ পিছতে মৰিগাঁৱৰ আহতগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে শিক্ষা বিভাগে ৷

উল্লেখ্য যে একেই অপৰাধত ইতিমধ্যে নিলম্বন কৰা হৈছে অসম আৰক্ষীৰ এগৰাকী মহিলা জোৱান পাপৰি কলিতা ওৰফে কুঁহিক । অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো পাপৰি কলিতায়ো kuhi 33 নামৰ সামাজিক মাধ্যমৰ পৃষ্ঠাৰ জৰিয়তে প্ৰচাৰ কৰিছিল অনলাইন জুৱাৰ বিজ্ঞাপন ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ কমাণ্ডো পাপৰি কলিতা ওৰফে কুঁহিক নিলম্বন

Last Updated : Jun 1, 2024, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.