অচিৰেই গেলা-পচা আৰু দুৰ্গন্ধময় নগৰীলৈ পৰিণত হ'ব যোৰহাট ! - Municipal employees protest
🎬 Watch Now: Feature Video

Published : May 17, 2024 at 1:06 PM IST
|Updated : May 17, 2024 at 3:47 PM IST
যোৰহাট, 17 মে’ : শুকুৰবাৰে পৌৰসভা কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে যোৰহাট পৌৰসভা । ফলত অচল হৈ পৰিছে পৌৰসভাৰ বাহিৰ আৰু ভিতৰৰ কাম-কাজ । প্ৰতিবাদকাৰী দাবী উত্থাপন কৰে যে যোৱা 20 ৰ পৰা 22 বছৰ ধৰি পৌৰসভাত অস্বায়ী কাৰ্মচাৰীৰূপে তেওঁলোকে সেৱা আগৱঢ়াই থকাৰ পিচতো আজিকোপতি কৰ্মচাৰীসকলৰ চাকৰি স্বায়ী নহ’ল ৷
দিন আৰু বছৰ বাগৰি যোৱাৰ পিচতো পৌৰসভাৰ এইসকল অস্বায়ী কৰ্মচাৰীয়ে 380 টকাত পুৱা 6 বজাৰ পৰা নিশালৈকে কাম কৰিব লাগে ৷ সেয়েহে পুৰণি তথা অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে দৈনিক পাৰিশ্ৰমিক 380 টকাৰ পৰা 500 টকালৈকে বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰি পৌৰসভা কৰ্মচাৰীয়ে যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত বহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে এই দাবীসমূহ লিখিত আকাৰে পালন কৰা প্ৰতিশ্ৰুতি যদি পৌৰসভাৰ উৰ্ধতম কৰ্তৃপক্ষই লিখিত আকাৰে নিদিয়ে তেতিয়াহ’লে এই প্ৰতিবাদ অনিৰ্দিষ্টকাললৈ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে ৷ এই দাবী সন্দৰ্ভত পৌৰসভাৰ পৌৰনেত্ৰী আৰু কাৰ্যবাহী অভিযন্তালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।
আনহাতে যদি এনেদৰে কৰ্মচাৰীসকলে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ কৰি থাকে তেতিয়াহ’লে যোৰহাট নগৰখন গেলা-পচা গোন্ধৰে পৰিপূৰ্ণ হৈ পৰিব বুলি সকলোৱে আশংকা কৰিছে ৷
লগতে পঢ়ক: এখন বিদ্যালয় আৰু শিক্ষক লাগে ! প্ৰতিবাদত নামিল চৰাঞ্চলৰ কণ কণ শিক্ষাৰ্থী - Demand for a school