ETV Bharat / state

আশ্চৰ্যকৰ ! মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ; দোষ স্বীকাৰ হাস্পতাল কৰ্তৃপক্ষৰ - Allegation Against Private Hospital

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 2:33 PM IST

Allegation Against swagat hospital : ব্যক্তিগত হাস্পতালৰ চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সদ্য প্ৰয়াত এজন লোকৰ পৰিয়ালৰ ৷ মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ তোলে ভুক্তভোগী পৰিয়ালে ৷ দোষ স্বীকাৰ হাস্পতাল কৰ্তৃপক্ষৰ ৷

Allegation Against Private Hospital
মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ (Etv bharat assam)

গুৱাহাটী, 24 মে’: মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হৈছে এক বিভৎস ঘটনা । মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ । মহানগৰীৰ মালিগাঁওস্থিত ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।

মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ (Etv bharat assam)

মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে হাস্পতালখনৰ এজন চিকিৎসকৰ বিৰুদ্ধে । জানিব পৰা মতে পৰিয়ালৰ অজ্ঞাতে হাফিজুৰ ৰহমান নামৰ মৃত লোকজনৰ দেহৰ পৰা চিকিৎসকে উলিয়াই নিলে হৃদযন্ত্ৰত ব্যৱহৃত পেচমেকাৰটো । এমাহ পূৰ্বে লোকজনৰ দেহত লগোৱা হৈছিল এই পেচমেকাৰটো ।

মৃত লোকজনৰ পত্নী হুছেইন আৰা বেগমে ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, "এগৰাকী চিকিৎসকে পেচমেকাৰটো উলিয়াই নিছে । মোৰ স্বামী মৃত হাফিজুৰ ৰহমানৰ সৎকাৰৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তহে আমি তেওঁৰ দেহত কেঁচা হৈ থকা জখম দেখিবলৈ পাওঁ ৷ লগতে চিলাই কাৰ্যত ব্যৱহৃত সূতাও দেখিবলৈ পাওঁ আমি ৷ মৃত লোক এজনৰ বুকুত চিলাই কৰা দেখি আমাৰ মনত সন্দেহ ওপজে আৰু তাৰ পাছত সোধ-পোচ কৰাৰ অন্তত ঘটনাৰ সত্যতা পোহৰলৈ আহে ।"

ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে এই সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি সদ্য প্ৰয়াত হাফিজুৰ ৰহমানক ফেব্ৰুৱাৰী মাহৰ পৰাই স্বাগত হাস্পতালত চিকিৎসাধীন হৈ আছে । ৰহমান দেহত হাস্পতালখনতেই পেজমেকাৰ লগোৱা হৈছিল । চিকিৎসাধীন অৱস্থাতে 9 এপ্ৰিলৰ দিনা মৃত্যু হৈছিল হাফিজুৰ ৰহমানৰ ।

পৰিয়ালক অৱগত নকৰাকৈ চিকিৎসকে মৃত হাফিজুৰ ৰহমানৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিছিল বুলি অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । লক্ষণীয় বিষয় যে পৰিয়ালৰ লোকে হাস্পতাল কৰ্তৃপক্ষক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰাত কৰ্তৃপক্ষই পেচমেকাৰ উলিয়াই নিয়া বুলি পৰিয়ালৰ আগত স্বীকাৰ কৰিছিল বুলি জনায় মৃত হাফিজুৰ ৰহমানৰ পত্নী হুছেইন আৰা বেগমে ৷

লগতে পঢ়ক: চিকিৎসালয়ৰ বিচনাত ৰঞ্জিত দাস; বিবুদ্ধিত হাস্পতাল কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.