চিকিৎসালয়ৰ বিচনাত ৰঞ্জিত দাস; বিবুদ্ধিত হাস্পতাল কৰ্তৃপক্ষ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 5:38 PM IST

thumbnail

যোৰহাট, ১৬ জানুৱাৰী : এজন আশী বছৰীয়া দুৰ্ভগীয়া ব্যক্তি ৷ নাম ৰঞ্জিত দাস ৷ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰত । ২০২৩ বৰ্ষৰ ৬ নৱেম্বৰত শাৰীৰিক অসুস্থতাৰ বাবে পিতৃ ৰঞ্জিত দাসক পুত্ৰই ভৰ্তি কৰাইছিল যোৰহাটৰ খ্ৰীষ্টান মেডিকেল চেণ্টাৰৰ নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত । আশী বছৰীয়া লোকজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাচৰ পৰাই অন্তৰ্ধান হ'ল পুত্ৰ ৰাজু দাস ।

চাওতে চাওতে প্ৰায় আঢ়ৈ মাহ সময় পাৰ হ'ল ৷ বৰ্তমান সুস্থ হ'ল ব্যক্তিজন ৷ কিন্তু চিকিৎসালয়ৰ পৰা নিবলৈ পুত্ৰ, জী নাইবা আত্মীয় এতিয়া কোনোৱে নাহে । পুত্ৰক চিকিৎসালয়ৰ পৰা ফোন কৰি ভাগৰি পৰিছে চিকিৎসা কৰ্মীসকলৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষও । নানান অজুহাত এতিয়া পুত্ৰৰ হাতত । উপায়ন্তৰ হৈ চিকিৎসালয় কৰ্তৃপক্ষই সহায় লৈছে সৰুপথাৰ আৰক্ষীৰ ।

জানিব পৰা মতে, ব্যক্তিজনৰ আছে পুত্ৰৰ লগতে তিনিগৰাকী জীয়াৰী । অথচ ৰুগীয়া পিতৃক আঢ়ৈ মাহে খবৰ ল’বলৈ কাৰো হাতত নাই সময় । চিকিৎসালয়ৰ ফালৰ পৰা দিয়া ঔষধ, খাদ্য খাই পৰিয়ালৰ লোকৰ বাবে বাট চাই ৰৈছে আশী বছৰীয়া ৰুগীয়া ৰঞ্জিত দাসে ।

চিকিৎসালয়ৰ ফালৰ পৰা কাবৌ কৰি মতা হৈছে পৰিয়ালৰ লোকক ৷ কিন্তু নাই কোনো নাহে ৷ আনকি সমস্ত খৰচো ৰেহাই দিবলৈও সাজু চিকিৎসালয় কৰ্তৃপক্ষ । কিন্তু পৰিয়ালৰ এনে কৰ্মকাণ্ডই এতিয়া বিবুদ্ধিত পেলাইছে সকলোকে ।

লগতে পঢ়ক : পহিলা মাঘত গোনা ম'হৰ যুঁজত কঁপিব আঁহতগুৰি পথাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.