পহিলা মাঘত গোনা ম'হৰ যুঁজত কঁপিব আঁহতগুৰি পথাৰ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 1:20 PM IST

thumbnail

মৰিগাঁও,১৬ জানুৱাৰী: ন্যায়ালয়ৰ নিষেধাজ্ঞা আঁতৰিল । গোৱালৰ মুখত বিৰিঙিল হাঁহি । উদুলি-মুদুলি হৈ পৰিছে ঐতিহাসিক আঁহতগুৰি পথাৰ । পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা আঁহতগুৰি ম'হ যুঁজে এইবাৰ ভৰি দিলে ৫২ টা বছৰত । এইবেলি চৰকাৰৰ আহ্বানত ন্যায়ালয়ে নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ পিছতে মৰিগাঁৱৰ আঁহতগুৰি, মিকিৰভেটা, বৈদ্যবড়ী আদি ম'হ যুঁজথলীত হেজাৰ হাজাৰ ম’হ যুঁজ প্ৰেমীৰ উপস্থিতিত সম্পন্ন হ'ব ম'হ যুঁজ ।

ইয়াকে লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে আঁহতগুৰি পথাৰত । এইবাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ম'হ যুঁজত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লোকনৃত্য-লোকগীতেৰে মুখৰিত হৈ পৰিছে আঁহতগুৰি পথাৰ । এইবাৰ ম'হ যুঁজৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো । এই সন্দৰ্ভত সাংবাদিক ৰাতুল ডেকাৰ এক প্ৰতিবেদন ।  

লগতে পঢ়ক: ভোগালী বিহুৰ দিনাই গোনা ম’হৰ তয়াময়া যুঁজত কঁপিল গোমোঠাগাঁৱৰ পথাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.