ভোগালী বিহুৰ দিনাই গোনা ম’হৰ তয়াময়া যুঁজত কঁপিল গোমোঠাগাঁৱৰ পথাৰ

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 7:34 PM IST

thumbnail

চামগুৰি, 15 জানুৱাৰী: আজি ভোগালী বিহু ৷ এই ভোগালী বিহুৰ এক অন্যতম পৰম্পৰা হৈছে ম’হযুঁজ ৷ আহোম ৰাজত্ব কালৰ পৰাই মাঘ বিহুত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে ম’হযুঁজ ৷ কিন্তু প্ৰায় আঠ বছৰ পূৰ্বে আনুষ্ঠানিকভাৱে ম’হযুঁজ পালনত আইনী নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও এইবাৰ চৰকাৰে বিশেষ এছ অ’ পি জাৰি কৰি ম’হযুঁজ আৰু বুলবুলি যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দিছে ৷

সেই অনুসৰি আজি মাঘ বিহুৰ দিনাই নগাঁও জিলাৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওগ সোঁৱৰণি ক্ষেত্ৰত আয়োজন কৰা হ’ল ম’হ যুঁজ ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 22 জোৰা ম’হ যুঁজ কৰিবলৈ একত্ৰিত কৰোৱা হয় গোমোঠাগাঁৱৰ পথাৰত ৷ পাটি ঢোল আৰু বেণ্ড বজাই ৰাইজে ম’হযুঁজৰ আমেজ লোৱা পৰিলক্ষিত হয় ৷ কেইবা হালো ম’হে দীৰ্ঘসময় ধৰি যুঁজি আমোদ যোগায় দৰ্শকক ৷ এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ 

লগতে পঢ়ক: সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি ভোগালী বিহুৰ উৰুকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.