ETV Bharat / health

মালিচ কৰিলে সঁচাকৈয়ে শিশুৰ হাড় মজবুত হয় নেকি ? জানি লওক সত্যতা - Baby Massage Strengthen Bones

author img

By ETV Bharat Health Team

Published : May 24, 2024, 2:15 PM IST

Baby Massage Strengthen Bones: শিশুৰ শাৰীৰিক বিকাশৰ বাবে কিমান প্ৰয়োজনীয় ? উক্ত প্ৰতিবেদনৰ জৰিয়তে জানো আহক, সঁচাকৈয়ে মালিচে শিশুৰ পেশী আৰু হাড় শক্তিশালী হয়নে নহয়...

Does Baby Massage Strengthen a Baby's Bones?
মালিচ কৰিলে সঁচাকৈয়ে শিশুৰ হাড় মজবুত হয় নেকি ? জানি লওক সত্যতা (ETV BHARAT ASSAM)

ঘৰত সন্তান জন্ম হ’লে পিতৃ-মাতৃ আৰু আইতা সকলোৱে শিশুটিক মালিচ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে ৷ নৱজাতকৰ বয়স ২০ ৰ পৰা ২৫ দিন হোৱাৰ লগে লগে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে শিশুটিক দৈনিক মালিচ কৰিবলৈ পৰামৰ্শ দিবলৈ আৰম্ভ কৰে ৷ বহু সময়ত নতুন পিতৃ-মাতৃয়ে সন্তানক মালিচ কৰিব নাজানে, সেয়েহে আইতা বা ঘৰৰ কোনো জ্যেষ্ঠ লোকে সৰু ল’ৰা-ছোৱালীক মালিচ কৰে ৷

সৰু ল’ৰা-ছোৱালীৰ বাবে তেলো বহুতে ঘৰত নিজে তৈয়াৰ কৰে ৷ মানুহে বিশ্বাস কৰে যে শিশুক নিতৌ মালিচ কৰিলে শিশুটিৰ শৰীৰৰ পেশী শক্তিশালী হ’ব আৰু হাড় শক্তিশালী হ’ব ৷ এনে পৰিস্থিতিত বহুতৰে এটা প্ৰশ্নও থাকে যে মালিচে শিশুৰ পেশী আৰু হাড় প্ৰকৃততে শক্তিশালী কৰে নেকি ?

এই সন্দৰ্ভত আমি নয়ডাৰ কৈলাশ হাস্পতালৰ ছিনিয়ৰ কনচালটেণ্ট পেডিয়াট্ৰিচিয়ান ডাঃ এইচ পি সিঙৰ সৈতে কথা পাতিছিলো চাও আহক এই ক্ষেত্ৰত চিকিৎসকগৰাকীয়ে কি পৰামৰ্শ দিছে ৷

মালিচ কৰিলে শিশুৰ পেশী আৰু হাড় শক্তিশালী হয়নে ?

চিকিৎসকে কয় যে শিশুৰ মালিচ কৰিলে পেশী বা হাড় শক্তিশালী হোৱাই নহয়, বৰঞ্চ মালিচ কৰিলে শিশুটিয়ে আৰাম লাভ কৰে ৷ যাৰ ফলত টোপনি ভাল হয়৷ চিকিৎসকে জনাইছে যে বহুলোক তেওঁৰ ওচৰলৈ আহিছে যিয়ে অনুভৱ কৰে যে তেওঁলোকৰ সন্তানৰ নাক বহি আছে ৷ সেয়েহে তেওঁলোকে নিতৌ নাকৰ হাড় মালিচ কৰে যাতে নাকৰ হাড় ওপৰলৈ উঠি যায় ৷

Does Baby Massage Strengthen a Baby's Bones?
শিশুৰ মালিচ কৰিলে কেনেধৰণৰ উপকাৰিতা লাভ কৰে ? (ETV BHARAT ASSAM)

আনহাতে, এনেকুৱা নহ’বও পাৰে ৷ চিকিৎসকে কয় যে শিশুটিৰ শৰীৰৰ গঠন তেওঁৰ জিনৰ ওপৰত নিৰ্ভৰশীল, যিটো মালিচ কৰি সলনি কৰিব নোৱাৰি ৷ চিকিৎসকে কয় যে শিশুটিক আৰাম দিবলৈ মালিচ এক উত্তম বিকল্প কিন্তু ইয়াৰ দ্বাৰা আমি শিশুৰ শাৰীৰিক গঠন সলনি কৰিব নোৱাৰো ৷

শিশুৰ বাবে মালিচৰ উপকাৰিতা কি কি ?

চিকিৎসকে কয় যে শিশুটিক মালিচ কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে মালিচ কৰাৰ সময়ত শিশুটিৰ ওপৰত কোনো চাপ নপৰে ৷ কাৰণ প্ৰথম ৩ মাহত শিশুৰ হাড়বোৰ অতি দুৰ্বল আৰু কোমল থাকে, সেয়েহে যদি আপুনি শিশুটিক চাপ দি মালিচ কৰে তেন্তে ই শিশুটিৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

বহু সময়ত মালিচৰ সময়ত হোৱা ভুলৰ বাবে শিশুটি খিংখিঙীয়া হৈ পৰে আৰু কোনো কাৰণ নোহোৱাকৈ কান্দিবলৈ ধৰে ৷ যদি আপুনি শিশুক মালিচ কৰিব নাজানে তেন্তে চিকিৎসক বা নাৰ্ছৰ পৰামৰ্শ লওক ৷

  1. চিকিৎসকে কয় যে নৱজাত শিশুৰ শৰীৰৰ বিকাশ দ্ৰুতগতিত হয় ৷ সেয়েহে ইয়াক মালিচ কৰিলে সকাহ পোৱা যায় আৰু শৰীৰত ৰক্ত সঞ্চালন উন্নত হয় ৷
  2. শিশুক মালিচ কৰিলে পেটৰ লগত জড়িত সমস্যা যেনে - কোষ্ঠকাঠিন্য আৰু গেছৰ পৰা সকাহ পাব পাৰে ৷ বহু সময়ত শিশুৰ ক্ষেত্ৰত কোষ্ঠকাঠিন্যৰ সমস্যা দেখা দিয়ে, এনে ক্ষেত্ৰত মালিচৰ দ্বাৰা শিশুটিয়ে সকাহ পাব পাৰে ৷
  3. শিশুৰ মালিচ কৰিলে তেওঁলোকৰ টোপনিৰ মানদণ্ড উন্নত হয় আৰু পিতৃ-মাতৃৰ মাজত বন্ধন মজবুত কৰাত সহায় কৰে ৷ শিশুৰ সুস্বাস্থ্য আৰু বিকাশৰ বাবে টোপনি অতি প্ৰয়োজনীয় ৷
  4. শিশুৰ মালিচ কৰিলে তেওঁলোকৰ শৰীৰত নমনীয়তা আনে ৷ যাৰ বাবে তেওঁলোকৰ শাৰীৰিক বিকাশ সঠিকভাৱে হয় ৷
লগতে পঢ়ক: বিজ্ঞাপন দেখি ভোল নাযাব; এনেবোৰ খাদ্যই আপোনাৰ শিশুটিৰ বাবে মাতিব পাৰে বিপদ ! - HOMEMADE CERELAC FOR BABY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.